5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Happy Birthday SRK: আজি বলীউডৰ বাদশ্বাহ ‘কিং খান’ শ্বাহৰুখৰ জন্মদিনঃ চাওঁ আহক অভিনেতাজনৰ বিষয়ে কিছু আকৰ্ষণীয় তথ্য

আজি জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে। ১৯৮০ ৰ দশকৰ শেষৰ ফালে দূৰদৰ্শনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা শ্বাহৰুখ খানে ১৯৯২ চনত আত্মপ্ৰকাশ কৰে বলীউডত। ইয়াৰ পিছতে শতাধিক চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনি শ্বাহৰুখ হৈ পৰে বলীউডৰ কিং খান। চাওঁ আহক অভিনেতাজনৰ বিষয়ে কিছু আকৰ্ষণীয় তথ্য।

monjit-dutta
Monjit Dutta | Updated On: 02 Nov 2024 10:57 AM
প্ৰথমে দুৰদৰ্শনৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰি ১৯৯২ চনত বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছত এতিয়া বলীউডৰ বাদশ্বাহ হিচাপেই পৰিচিত হৈ পৰিল শ্বাহৰুখ খান। কিন্তু বহু লোক হয়তো জ্ঞাত নহয় যে বলীউডত শ্বাহৰুখ খানৰ প্ৰথম ছবিখন আছিল ‘দিল আশ্না হায়’। কিন্তু ছবিখন মুক্তি পোৱাত পলম হোৱাৰ বাবে ‘দীৱানা’ক তেওঁৰ প্ৰথম ছবি হিচাপে গণ্য কৰা হয়।

1 / 5
তিনিখন পৃথক বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিদেশী ডক্টৰেট ডিগ্ৰী লাভ কৰা বলীউডৰ প্ৰথম আৰু একমাত্ৰ অভিনেতা শ্বাহৰুখ খান। তদুপৰি ২০১১ চনৰ ১০ নৱেম্বৰত শ্বাহৰুখ খান ইউনেস্ক’ৰ বিশেষ সন্মান পিৰামাইড কন মাৰ্নি বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

2 / 5
সাধাৰণতে প্ৰায় প্ৰতিগৰাকী লোকৰে কিছুমান বিশেষ দিশত ফ’বিয়া থাকে, একেদৰে থাকে কিছুমান বিশেষ বিশ্বাস। জানিব পৰা মতে শ্বাহৰুখ খানৰ ঘোঁৰাত উঠাৰ ক্ষেত্ৰত ফ’বিয়া আছে। তেওঁ আইচক্ৰীম খোৱাৰ পৰাও বিৰত থাকে বুলি কোৱা হয়। ইফালে শ্বাহৰুখ খানৰ বাহনৰ সকলো নম্বৰ প্লেটত ৫৫৫ বুলি লিখা আছে। তেওঁৰ বিশ্বাস, এই নম্বৰে তেওঁৰ মংগল কঢ়িয়াই আনে।

3 / 5
১৯৯৪ চনত কুন্দন শ্বাহৰ পৰিচালনাত নিৰ্মিত ছবি ’কভি হাঁ, কভি না’ৰ বাবে শ্বাহৰুখ খানে বুকিং উইণ্ডোত টিকট বিক্ৰী কৰিছিল বুলি কোৱা হয়। সেই সময়ত এই ছবিখনৰ বাবে শ্বাহৰুখ খানক ২৫০০০ টকা পৰিশোধ কৰা হৈছিল। এই ছবিখনৰ বাবে শ্বাহৰুখ খানে ফিল্মফেয়াৰত সমালোচকৰ বঁটা লাভ কৰিছিল।

4 / 5
শ্বাহৰুখ খানৰ অভিনয় কেৰিয়াৰৰ অন্যতম এখন শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয় দিলৱালে দুলহনিয়া লে জায়েংগেক। পিছে এই ছবিখনত মুখ্য চৰিত্ৰৰ বাবে শ্বাহৰুখ নাছিল নিৰ্মাতাৰ প্ৰথম পছন্দ। বলীউডৰ আন তিনিজন জনপ্ৰিয় খান – আমিৰ খান, ছলমান খান আৰু ছৈফ আলী খানে এই প্ৰস্তাৱ নাকচ কৰাৰ পিছতহে তেওঁক মুখ্য চৰিত্ৰৰ বাবে বিবেচনা কৰা হৈছিল।

5 / 5
Latest Stories