শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Happy birthday Virat kohli: আজি বিৰাট কোহলিৰ জন্মদিন, ৩৬ বছৰত ভৰি দিলে ক্ৰিকেটাৰগৰাকীয়ে

Viral kohli Birthday: ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলিৰ আজি জন্মদিন। ৩৬ বছৰত ভৰি দিলে ক্ৰিকেটাৰগৰাকীয়ে। বিৰাট কোহলিৰ এই বিশেষ দিনটোত তেওঁৰ লাখ লাখ গুণমুগ্ধই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় ক্ৰিকেটৰ এটা চিনাকী নাম বিৰাট কোহলি।

barasha-sarma
Barasha Sarma | Published: 05 Nov 2024 09:18 AM
আজি ক্ৰিকেটাৰ বিৰাট কোহলিৰ জন্মদিন। ৩৬ বছৰত ভৰি দিলে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰা কোহলি বিশ্বতে জনপ্ৰিয়। ২০২৪ চনত ভাৰতে টি ২০ বিশ্বকাপত জয়লাভ কৰাৰ পাছত বিৰাট কোহলিয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

1 / 5
ক্ৰিকেটত বিৰাট কোহলিয়ে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ৱান ডে ক্ৰিকেটত দ্ৰুতগতিত ১৩০০০ ৰান সংগ্ৰহ কৰি  বিৰাট কোহিলেয় এক বিশেষ ৰেকৰ্ড গঢ়িলে। এই ক্ষেত্ৰত তেওঁ ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰকো পিছ পেলাইছিল।  তেণ্ডুলকাৰে ৩২১ ৱানডেত এয়া ৰেকৰ্ড লাভ কৰাৰ বিপৰীতে বিৰাটে ২৭৮ খন ৱানডেত ৰেকৰ্ড গঢ়িছিল।

2 / 5
ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলিয়ে সবাতোকৈ বেছি প্লেয়াৰ অফ দ্যা ছিৰিজত জয়লাভ কৰিছে।  ২০০৮ চনৰ পৰা এতিয়ালৈকে ৫৩৮ খন (টেষ্ট, ৱান ডে,টি-২০)ত ২১ বাৰ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।  ইয়াৰোপৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ত  বিৰাটে অৰ্ধ শতাধিক ৰান সংগ্ৰহ কৰি পাকিস্তানৰ বাবৰ আজামৰ লগত শীৰ্ষত আছে।

3 / 5
বিৰাট কোহলিয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ৩৫০০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰোপৰি ২০১৯ চনৰ বিশ্বকাপত একেৰাহে ৫ অৰ্ধশতক কৰা প্ৰথম অধিনায়ক বিৰাট কোহলি। আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৯৭৩ ৰান সংগ্ৰহ কৰাৰ অভিলেখো বিৰাট কোহলিৰ। অধিনায়ক হিচাপে বিৰাটে টেষ্টত সৰ্বাধিক ১৫০ প্লাছ স্ক’ৰ কৰিছে।

4 / 5
ক্ৰিকেটৰ কেৰিয়াৰত বিৰাটে বহু ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৪টা শৃংখলাত ৪টা ডাবল শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন বিৰাট। ক্ৰিকেট কেৰিয়াৰত ৩০, ৩৫ আৰু ৪০টা এদিনীয়া শতক অৰ্জন কৰা সৰ্বাধিক বেটছমেন বিৰাট। এয়া মাত্ৰ কেইটামান উদাহৰণ, বিৰাট কোহলিয়ে ক্ৰিকেট জগতত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

5 / 5
Latest Stories