5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জীৱনৰ ক্ৰীজত অৰ্ধশতক সম্পূৰ্ণ লক্ষ্মণৰঃ কোনে দিছিল লক্ষ্মণক ভেৰি ভেৰি স্পেছিয়েল অভিধা!

আজি ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ বেটছমেন ভি ভি এছ লক্ষ্মণৰ জন্মদিন। জীৱনৰ ৫০টা বসন্ত আজি সম্পূৰ্ণ কৰিলে ‘ভেৰি ভেৰি স্পেছিয়েল’ লক্ষ্মণে। ১৯৭৪ চনৰ ১ নৱেম্বৰত হায়দৰাবাদত জন্ম হৈছিল তাৰকা ক্ৰিকেটাৰগৰাকীৰ। তেওঁ হৈছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আজো ভতিজা নাতি। চাওঁ আহক লক্ষ্মণৰ জীৱনৰ কিছু আকৰ্ষণীয় তথ্য।

monjit-dutta
Monjit Dutta | Published: 01 Nov 2024 20:46 PM
১৯৯৬ চনৰ ২০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল ৱাংগিপুৰাপু ভেংকটা সাই লক্ষ্মণে।জাতীয় দলৰ হৈ লক্ষ্মণে ১৩৪ খন টেষ্ট আৰু ৮৬ খন এদিনীয়া মেচত অংশ লৈছিল। লক্ষ্মণ প্ৰথমে এদিনীয়া দলৰো এগৰাকী নিৰ্ভৰযোগ্য সদস্য আছিল যদিও পিছলৈ কেৱল টেষ্ট বিশেষজ্ঞ বেটাৰ হিচাপে দলত স্থান লাভ কৰি আহিছিল।

1 / 5
২০১২ চনৰ ২৪ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিপক্ষে মেচত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচত অংশ লৈছিল লক্ষ্মণে। নিজ কেৰিয়াৰত লক্ষ্মণে ১৩৪ খন টেষ্টত ১৭টা শতক আৰু ৫৬টা অৰ্ধশতকৰ সহায়েৰে ৪৫.৯৭ গড়ে ৮৭৮১ ৰান আৰু এদিনীয়াত ৮৬ খন মেচত ৬টা শতক, ১০টা অৰ্ধশতকৰ সহায়ত ৩০.৭৬ গড়ে ২৩৩৮ ৰান সংগ্ৰহ কৰিছিল।

2 / 5
২০০১ চনত অষ্ট্ৰেলিয়াৰ ভাৰত ভ্ৰমণৰ সময়ত ইডেন গাৰ্ডেন টেষ্টত লক্ষ্মণে খেলে নিজ কেৰিয়াৰৰ লগতে টেষ্ট ইতিহাসৰো অন্যতম শ্ৰেষ্ঠ ইনিংছটো। প্ৰথম ইনিংছত ৫৯ ৰান সংগ্ৰহ কৰাৰ পিছত লক্ষ্মণে দ্বিতীয় ইনিংছত ২৮১ ৰানৰ এক অসাধাৰণ ইনিংছ খেলে। এইদৰে তেওঁ সুনীল গাভাস্কাৰৰ (২৩৬*) নামত থকা টেষ্টত ভাৰতীয় বেটাৰৰ সৰ্বোচ্চ ৰানৰ অভিলেখ  ভংগ কৰে। লক্ষ্মণে ৰাহুল দ্ৰাবিড়ৰ সৈতে ৩৭৬ ৰানৰ অভিলেখ যুটি গঢ়ি টেষ্টখনৰ লগতে শৃংখলাটোতো ভাৰতৰ জয়ৰ পথ মুকলি কৰিছিল।

3 / 5
২০০৩-২০০৪ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এদিনীয়া শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শনেৰে উজলি উঠে লক্ষণ। এই শৃংখলাটোত ধাৰাবাহিকতা প্ৰদৰ্শনেৰে লক্ষ্মণে তিনিটাকৈ শতক অৰ্জন কৰে। লক্ষ্মণৰ এনে ধাৰাবাহিক প্ৰদৰ্শনৰ দ্বাৰা প্ৰভাৱিত হয় কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেট অধিনায়ক ইয়ান চেপেল। কিংবদন্তী তাৰকাগৰাকীয়েই লক্ষ্মণক তেতিয়া জনপ্ৰিয় উপনাম ভেৰী ভেৰী স্পেচিয়েল অভিধা প্ৰদান কৰিছিল।

4 / 5
জাতীয় দলৰ হৈ অভিষেকৰ পিছৰে পৰা লক্ষ্মণ ক্ৰমাৎ দলৰ এগৰাকী নিৰ্ভৰযোগ্য তাৰকা হৈ পৰে। এদিনীয়া দলতো নিগাজী হৈ পৰিছিল লক্ষ্মণৰ স্থান। কিন্তু পিছলৈ কেৱল টেষ্ট বিশেষজ্ঞ হিচাপে দলত স্থান লাভ কৰাৰ বাবে ২০০৬ চনৰ ৩ ডিচেম্বৰতে কেৰিয়াৰৰ অন্তিমখন এদিনীয়া মেচ খেলে লক্ষ্মণে।  নিজ কেৰিয়াৰত মুঠ ৮৬ খন এদিনীয়া খেলা লক্ষ্মণে আমোদজনকভাৱে বিশ্বকাপৰ এখনো মেচত দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা নাছিল।

5 / 5
Latest Stories