বহু উপকাৰী গুণাগুণেৰে সমৃদ্ধ অমৰা! সবিশেষ জানক | health benefit of hog plum Assam news - Assam Tv9

বহু উপকাৰী গুণাগুণেৰে সমৃদ্ধ অমৰা! সবিশেষ জানক

Updated On: 

10 Sep 2024 07:33 AM

অমৰা হৈছে আমাৰ চৌপাশত উপলব্ধ এবিধ কেহা ফল। প্ৰাচীনকালৰ পৰাই অমৰাই পৰম্পৰাগত ঔষধি হিচাবে (Folk Medicine) স্থান লাভ কৰি অহাৰ তথ্য পোৱা যায় ৷ ভিটামিন চিৰ ভাল উৎস অমৰা। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যাৰ পৰা দূৰত থাকিব পৰা যায়।

1 / 5Spondias

Spondias mombin হ'ল অমৰাৰ ব'টানিকেল নাম যাৰ বংশাৱলী হ'ল- Anacardiaceae (Cashew family)৷ শীতকালত উপলব্ধ এবিধ ফল হ'ল অমৰা। ইয়াৰ যথেষ্ট ঔষধি গুণ আছে।

2 / 5

অমৰাত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যাৰ পৰা দূৰত থাকিব পৰা যায়। ইয়াৰ উপৰিও অমৰাত পর্যাপ্ত পৰিমাণত কেলচিয়াম থাকে। যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে।

3 / 5

অমৰাত প্রচূৰ পৰিমাণে আয়ৰন থকাৰ কাৰণে ই ৰক্তহীনতা ৰোধত কার্যকৰী ভূমিকা পালন কৰে। যিয়ে হিম'গ্লবিনৰ মাত্রা সঠিক পর্যায়ত ৰাখে। চর্দি-কাহ-জ্বৰৰ উপশমতো অমৰা অত্যন্ত উপকাৰী। বিভিন্ন ভাইৰাছৰ আক্রমণৰ পৰা ৰক্ষা কৰে।

4 / 5

অসমত অমৰাৰ জাম, জেলি, টক, আচাৰ আৰু শুকান মুখশুদ্ধি বনোৱাৰ ওপৰিও বহুতে কুমলীয়া পাতৰ চাটনি খায়৷ সৰু বা ডাঙৰ মাছৰ লগত টেঙা আঞ্জা ৰান্ধে ৷ কোনোৱে দাইলতো অমৰা দি খাই ভাল পায় আৰু কাৰোবাৰ ঘৰত সিদ্ধ কৰি আলুৰ লগত পিটিকা খোৱা হয় ৷

5 / 5

অমৰাৰ খাদ্য হিচাবে বা ঔষধি হিচাবে প্ৰয়োগত সাধাৰণতে কোনো পাৰ্শ্বক্ৰিয়া দেখা নাযায় ৷ তথাপিও সঘনাই বিভিন্ন এলাৰ্জি জনিত ৰোগত ভোগা লোকে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্চনীয় ৷ এই ক্ষেত্ৰত সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version