শীতকালত আমলখি খোৱাৰ অপকাৰিতা আৰু উপকাৰিতা কি ? জানক... | Health Benefits of Eating Amla in Winter and Who Should Avoid It Assam news - Assam Tv9

কি সমস্যা থাকিলে আমলখি খাব নালাগে ? শীতকালত আমলখি খোৱাৰ উপকাৰিতা কি ? জানক…

Updated On: 

15 Dec 2024 18:19 PM

এই বতৰত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহুতে আমলখি খায়। এটা আমলখিত ১০ আপেলৰ সমান গুণ আছে বুলি কোৱা হয় । বহু ৰোগ নিৰাময়ৰ বাবে আমলখি খাব পাৰে । কিন্তু অত্যাধিক আমলখি খালে অপকাৰ কৰিবও পাৰে ।

1 / 5শীতকালত আমলখি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই বতৰত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহুতে আমলখি খায়। এটা আমলখিত ১০ আপেলৰ সমান গুণ আছে বুলি কোৱা হয় । বহু ৰোগ  নিৰাময়ৰ বাবে আমলখি খাব পাৰে । কিন্তু অত্যাধিক আমলখি খালে অপকাৰ কৰিবও পাৰে । কোনসকল লোকে আমলখি খাব নালাগে আৰু শীতকালত আমলখি খোৱাৰ উপকাৰিতা কি জানক ।

শীতকালত আমলখি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই বতৰত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহুতে আমলখি খায়। এটা আমলখিত ১০ আপেলৰ সমান গুণ আছে বুলি কোৱা হয় । বহু ৰোগ নিৰাময়ৰ বাবে আমলখি খাব পাৰে । কিন্তু অত্যাধিক আমলখি খালে অপকাৰ কৰিবও পাৰে । কোনসকল লোকে আমলখি খাব নালাগে আৰু শীতকালত আমলখি খোৱাৰ উপকাৰিতা কি জানক ।

2 / 5

প্ৰচুৰ পৰিমাণে আমলখি খালে স্বাভাৱিকতকৈ ৰক্তচাপ হ্ৰাস পাব পাৰে। যিসকল লোকৰ তেজত চুগাৰৰ মাত্ৰা স্বাভাৱিকতকৈ কম হয় তেওঁলোকে আমলখি খোৱা উচিত নহয় । আমলখিত বহু গুণ থাকিলেও পেটৰ সমস্যা থকা, কলিজা ৰোগত আক্ৰান্ত লোকে আমলখি খাব নালাগে।

3 / 5

অত্যাধিক আমলখি খালে মল কঠিন হোৱা সমস্য়া হ'ব পাৰে । কোষ্ঠকাঠিন্যৰ সমস্যা থকা লোকে আমলখি খাব নালাগে । আমলখিত প্ৰস্ৰাৱ সৃষ্টিৰ গুণ আছে। ই শৰীৰত অধিক প্ৰস্ৰাৱ সৃষ্টি কৰে। গতিকে অধিক আমলখি খালে পানীলগা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

4 / 5

শীতকালত আমলখি খোৱাৰ কিছু গুৰুত্বপূৰ্ণ উপকাৰিতা আছে । ইয়াৰে এটা হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

5 / 5

ছাল আৰু চুলিৰ যত্নৰ বাবে আমলখি অতি উপযোগী। আমলখিত এন্টিঅক্সিডেন্ট থাকে। যিয়ে ছালখনক সুৰক্ষা আৰু উজ্জ্বল কৰে। আমলখিয়ে চুলি মজবুত কৰে আৰু চুলি সৰা সমস্য়া ৰোধ কৰে।

ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?
শীতকালত বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান কেঁচা হালধি! এইদৰে ব্যৱহাৰ কৰক
শীতকালত ‘দেহৰ বন্ধু’ কমলা? কমলাৰ গুণৰ বিষয়ে জানিলে উপকৃত হ’ব আপুনি
বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি