জিলমিল শাকত ভিটামিন এ, বি আৰু চি থাকে। লগতে আইৰণ, পটাছিয়াম, কেলচিয়াম, ফছফৰাছ আৰু ফাইবাৰ যথেষ্ট পৰিমাণে থাকে। পিছে এই শাকবিধত কেলৰি নাথাকে। সেয়ে এই শাকবিধ খালে ওজন বৃদ্ধি নহয়। বৰঞ্চ ই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
শীতকালত সাধাৰণতে জিলিমিল শাক বজাৰতো উভৈনদী হৈ পৰে। সোৱাদত অতুলনীয় এই শাকবিধক আয়ুৰ্বেদৰ পৰম্পৰাগত চিকিৎসাত জিলমিলক বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে উপযোগী হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। কোনো ব্যক্তিৰ যদি মুখত ঘাঁ হয়, তেতিয়া জিলমিল শাক চোবাই বা ৰান্ধি খালে উপকাৰ পোৱা যায়।
এই শাকবিধত পানীৰ পৰিমাণ বেছি আৰু ফাইবাৰো যথেষ্ট পৰিমাণে পোৱা যায়। সেয়ে এই শাকবিধে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। এই বনৌষধিবিধে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
জিলমিল শাকে বৃক্কৰ সমস্যা উপশমতো সহায় কৰে। প্ৰতিদিনে এই শাকৰ ১ কাপকৈ ৰস খালে উপকাৰ পোৱা যায়। যকৃতৰ সমস্যা, বগা ছালৰ দৰে সমস্যা দূৰ কৰাতো জিলমিল শাকে সহায় কৰে বুলি কোৱা হয়।
প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰাৰ সমস্যাৰ সন্মুখীন হোৱা লোকসকলে জিলিমিল শাক খালে উপকাৰ লাভ কৰিব। এই শাকৰ পেষ্ট ২ চামুচ জিৰাৰ গুড়ি, ২ চামুচ নেমুৰ ৰস মিহলাই চৰবত বনাই দিনটোত দুবাৰকৈ সেৱন কৰিলে এই সমস্যাৰ পৰা সকাহ লাভ কৰে বুলি কোৱা হয়।