Yoga: হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে কৰক এই কাম, কমিব মানসিক চাপ... | Health tips do this yoga pose for healthy heart know in details Assam news - Assam Tv9

Yoga: হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে কৰক এই কাম, কমিব মানসিক চাপ…

Published: 

03 Feb 2025 10:32 AM

Yoga: দেহ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগাসন এক উত্তম উপায়। প্ৰতিদিনে যোগাসন কৰিলে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈও যোগাসন কৰিব পাৰে। এনে ৫ টা যোগাসন উল্লেখ কৰা হ'ল।

1 / 5সেতুবন্ধাসন: এই আসনক ব্ৰীজ প'জ বুলিও কোৱা হয়। এই আসন অতি সহজ। কমেও ৩০ ছেকেণ্ড এই আসনত বহি থাকিব লাগে আৰু দুবাৰ বা তিনিবাৰ ইয়াৰ পুনৰাবৃত্তি কৰিব লাগে। ইয়াৰ ফলত হৃদযন্ত্ৰ ভালে থাকে আৰু ই হাওঁফাওঁৰ বাবেও উপকাৰী। ইয়াৰ বাহিৰেও এই আসনৰ পৰা বহু স্বাস্থ্যজনিত লাভ পোৱা যায়।

সেতুবন্ধাসন: এই আসনক ব্ৰীজ প'জ বুলিও কোৱা হয়। এই আসন অতি সহজ। কমেও ৩০ ছেকেণ্ড এই আসনত বহি থাকিব লাগে আৰু দুবাৰ বা তিনিবাৰ ইয়াৰ পুনৰাবৃত্তি কৰিব লাগে। ইয়াৰ ফলত হৃদযন্ত্ৰ ভালে থাকে আৰু ই হাওঁফাওঁৰ বাবেও উপকাৰী। ইয়াৰ বাহিৰেও এই আসনৰ পৰা বহু স্বাস্থ্যজনিত লাভ পোৱা যায়।

2 / 5

পাচ্চিমোত্তনাসনঃ এই আসন কৰা আৰম্ভণিত কিছু কঠিন। সেয়ে লাহে লাহে ইয়াৰ অভ্যাস কৰিব লাগে। এই আসন হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত যকৃত, বৃক্ক আৰু মগজুও উপকৃত হয়। এই যোগাসন মেৰুদণ্ডৰ বাবেও ভাল। লগতে ই পিঠি, কান্ধ আৰু ডিঙিৰ বিষ আদিৰ পৰা পৰিত্ৰাণ দিয়ে।

3 / 5

কপালাভতীঃ ই এক সহজ যোগাসন। প্ৰতিদিনে কেইমিনিটমানৰ বাবে কপালাভতী প্ৰাণায়ম কৰা হৃদযন্ত্ৰৰ বাবে উপকাৰী। লগতে ই ৰক্ত সঞ্চালন উন্নত কৰে। ইয়াৰ ফলত শৰীৰত শক্তি বৃদ্ধি পোৱাৰ লগতে পাচনতন্ত্ৰ মজবুত হয়। এই প্ৰাণায়মে হৰম’নৰ ভাৰসাম্যহীনতা সঠিক কৰে। যিসকলৰ কোষ্ঠকাঠিন্য, এচিডিটি বা গেছৰ সমস্যা আছে, তেওঁলোকে এই প্ৰাণায়ম কৰিব পাৰে।

4 / 5

অৰ্ধ মৎস্যেন্দ্ৰাসনঃ এই আসনো হৃদযন্ত্ৰৰ বাবে উপকাৰী। এই আসনে যকৃত আৰু বৃক্ক সুস্থ কৰি ৰখাতো সহায় কৰে। ইয়াৰোপৰি ই বিভিন্ন বিষৰ পৰা মুক্তি পোৱাত সহায় কৰে। অৰ্ধ মৎস্যেন্দ্ৰাসনে পাচনতন্ত্ৰ ভালে থাকে। গতিকে হৃদযন্ত্ৰৰ লগতে শৰীৰ বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা মুক্তি পাবলৈ এই আসন কৰিব পাৰে।

5 / 5

সৰ্বাংগাসনঃ এই আসন ৰক্তসঞ্চালন প্ৰক্ৰিয়াৰ বাবে ভাল লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। এই যোগাসন থাইৰয়ড ৰোগীৰ বাবেও উপকাৰী।প্ৰতিদিনে এই যোগাসন কৰা মগজুৰ বাবেও ভাল। যদি আপোনাৰ টোপনিৰ সমস্য আছে তেন্তে এই যোগাসন কৰিব পাৰে। ই মানসিক চাপৰ পৰা মুক্তি লাভত সহায় কৰে।

মাত্ৰ ১৮ টকাত ১০ গ্ৰাম সোণ ! কিন্তু কেনেকৈ? জানক সবিশেষ...
পাকঘৰত আছে নেকি এইসমূহ সামগ্ৰী? তেন্তে আজিয়েই কৰক আঁতৰ...
দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?