৫০ বছৰত বয়সতো শৰীৰটো ফিট কৰি ৰাখিবলৈ পালন কৰক এই নিয়ম... | Healthy Habits for People Over 50 to Stay Fit and Active Assam news - Assam Tv9

৫০ বছৰত বয়সতো শৰীৰটো ফিট কৰি ৰাখিবলৈ পালন কৰক এই নিয়ম…

Updated On: 

21 Dec 2024 22:33 PM

বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰৰ শক্তি কমিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত নিয়মীয়া ব্যায়াম অভ্যাস কৰাকে ধৰি কিছু স্বাস্থ্যকৰ নিয়ম পালন কৰাটো অতি প্ৰয়োজন । শৰীৰটো ফিট কৰি ৰাখিবলৈ দৈনিক কি কৰিব লাগে ? জানক

1 / 5বয়স বৃদ্ধিৰ প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰতো দেখা যায়। ক্লান্তি, দুৰ্বলতা আৰু ৰোগৰ বাবে আমাৰ শৰীৰৰ শক্তিৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। বিশেষকৈ যিসকল লোকৰ বয়স প্ৰায় ৫০ বছৰ – তেওঁলোকে নিজৰ স্বাস্থ্যৰ অধিক যত্ন লোৱাৰ প্ৰয়োজন। ৫০ বছৰ বয়সত নিশ্চিতভাৱে কিছুমান স্বাস্থ্যকৰ অভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে ।

বয়স বৃদ্ধিৰ প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰতো দেখা যায়। ক্লান্তি, দুৰ্বলতা আৰু ৰোগৰ বাবে আমাৰ শৰীৰৰ শক্তিৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। বিশেষকৈ যিসকল লোকৰ বয়স প্ৰায় ৫০ বছৰ – তেওঁলোকে নিজৰ স্বাস্থ্যৰ অধিক যত্ন লোৱাৰ প্ৰয়োজন। ৫০ বছৰ বয়সত নিশ্চিতভাৱে কিছুমান স্বাস্থ্যকৰ অভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে ।

2 / 5

প্ৰথমতে নিয়মীয়া ব্যায়াম কৰাৰ অভ্যাস কৰক । এই বয়সত এজন ব্যক্তিক জিৰণিৰ প্ৰয়োজন হয় । এনে পৰিস্থিতিত নিয়মিতভাৱে ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। খোজ কঢ়াৰ দৰে লঘু ব্যায়াম কৰিব পাৰে।

3 / 5

এই বয়সত ফিট হৈ থাকিবলৈ হ’লে সুষম খাদ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব। সতেজ ফল-মূল, শাক-পাচলি, শস্য আৰু প্ৰটিনযুক্ত খাদ্য আদি বস্তু অন্তৰ্ভুক্ত কৰিব লাগে। বাহিৰৰ পৰা প্ৰস্তুত কৰা কোনো খাদ্য খোৱাৰ পৰা বিৰত থাকিব । পেকেটত ভৰোৱা খাদ্য ব্যৱহাৰ নকৰিব। ধূমপান আৰু মদৰ পৰা দূৰত্ব বজাই ৰাখক।

4 / 5

পৰ্যাপ্ত পৰিমাণে টোপনি অহাটোও অতি প্ৰয়োজনীয়। প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টা শুবৰ বাবে অভ্যাস কৰক। এই বয়সত ফিট হৈ থাকিবলৈ হ’লে মানসিক চাপৰ আঁতৰাই ৰাখিব লাগে । মানসিক চাপে কেৱল আপোনাৰ মানসিক সমস্যা বৃদ্ধি কৰাই নহয় ই আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব। এনে পৰিস্থিতিত যোগাসন আৰু ধ্যান অভ্যাস কৰিব লাগে।

5 / 5

নিয়মিতভাৱে শৰীৰৰ পৰীক্ষা কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। মাজে মাজে চিকিৎসকৰ পৰামৰ্শ লওক আৰু তেওঁৰ নিৰ্দেশনা অনুসৰি নিজৰ জীৱনশৈলী পালন কৰক।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে