5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাইক চলাই হঠাৎ চহৰৰ মাজ মজিয়াত ওলাল হনুমান! কিন্তু ক’ৰ পৰা আহিল?

এইবাৰ বাইকত উঠি এন্ট্ৰি মাৰিছে হনুমেনে ৷ পিছে এই হনুমেন কোন আপুনি জানেনে ? যিয়ে ৰাইজৰ মাজলৈ গৈ বিচাৰিছে কেইজনমান বিশেষ ব্যক্তিক।

barasha-misra
Barasha Misra | Published: 26 Sep 2024 20:28 PM
‘গৰু’, ‘বুলু ফিল্ম’ৰ পিছত এইবাৰ দৰ্শককে চাবলৈ পাব হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি 'জয় হনুমেন'। SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীৰ আধাৰত নিৰ্মাণ হৈছে নেকি ছবিখন?

1 / 6
হঠাৎ নগাঁৱৰ পৰা আৰম্ভ কৰি তেজপুৰৰ মাজ মজিয়াত ওলাইছে হনুমান। বাইক চলোৱা হনুমানক চাবলৈ ভিৰ কৰিছে ৰাইজে।

2 / 6
ৰাইজৰ মাজলৈ গৈ গৈ হনুমানে বিচাৰিছে কেইজনমান বিশেষ ব্যক্তিক। আচলতে এয়া হনুমান নহয় হনুমেন হে। ১৮ অক্টোবৰত শুভমুক্তি লাভ কৰিব পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসৰ ছবি 'জয় হনুমেন'। স্পাইডাৰ মেন, ছুপাৰ মেন, বেটছমেনৰ কাহিনী বহুত শুনিছে কিন্তু এইবাৰ শুনিব হনুমেনৰ কথা।

3 / 6
নগাঁও, চামগুৰি, তেজপুৰকে ধৰি বিভিন্ন স্থানত 'জয় হনুমেন'ৰ প্ৰচাৰত ব্যস্ত পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাস।  অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷

4 / 6
ছবিখনত দেখিবলৈ পাব অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক।

5 / 6
‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷ এতিয়া সকলোৰে মাজত কৌতুহল সৃষ্টি হৈছে চিনেমাখনৰ কাহিনীক লৈ । সামাজিক মাধ্যমত একাংশই কৈ আছে ছবিখনৰ কাহিনী SI জোনমণি ৰাভাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, আন কাৰোবাৰ মতে এয়া এজন হনুমান ভক্তৰ ওপৰত আধাৰিত কাহিনী। ইতিমধ্য ছবিখনৰ গীত মুকলিৰ পিছতে দৰ্শকৰ মৰম পাবলৈ সক্ষম হৈছে।

6 / 6
Follow Us
Latest Stories