শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব চৰকাৰী ধন, মুখ্যমন্ত্ৰীৰ ঘোষণা…

ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীলৈ ভাল খবৰ। কিয়নো এতিয়াৰ পৰা ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাহে লাভ কৰিব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই ঘোষণা কৰে।

barasha-sarma
Barasha Sarma | Published: 01 Apr 2025 14:33 PM
ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ উপহাৰ। মঙলবাৰে বিহালীত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰে শৰ্মাই। এই অনুষ্ঠানতে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে।

1 / 5
শৰ্মাই কয় যে, এতিয়াৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন।  তেওঁ কয় যে, মেট্ৰিক পৰীক্ষাৰ আগত যাতে ছাত্ৰ-ছাত্ৰীসকলে টিউচন ল'ব পাৰে তাৰ বাবে প্ৰতিমাহে তেওঁলোকক চৰকাৰী ধন দিয়া হ'ব।

2 / 5
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, টিউচন লোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ ৬ মাহ আগৰ পৰা মাহে ৬০০ টকাকৈ লাভ কৰিব। তেওঁলোকৰ মেট্ৰিকৰ ফলাফল যাতে ভাল হয় তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

3 / 5
শৰ্মাই কয় যে, মেট্ৰিকৰ আগতে ঘৰুৱা শিক্ষকে ছাত্ৰ-ছাত্ৰীক পঢ়াই দিলে ফলাফল ভাল হয়। কিন্তু দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে এনে ব্যৱস্থা কৰিব নোৱাৰে। যাৰ বাবে ৰাজ্যত মেট্ৰিক পৰীক্ষা দিবলগীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মাহে ৩০০ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে।

4 / 5
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই টকাৰে ছাত্ৰ-ছাত্ৰীসকলে ওচৰৰে কোনো শিক্ষিত যুৱক-যুৱতীৰ পৰা টিউচন ল'ব পাৰিব। উল্লেখ্য যে, আজিৰ সভাত আৰু কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে শৰ্মাই।

5 / 5