এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ, কাৰণ কি? | himanta biswa sarma meet jd nadda and many Union Minister for advantage assam program Assam news - Assam Tv9

এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ, কাৰণ কি?

Published: 

04 Dec 2024 10:05 AM

এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকৰাৰ পাছত শৰ্মাই এছ জয় শংকৰ. জেপি নাড্ডা, জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে।

1 / 5এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীক শৰ্মাই অসমলৈ আমন্ত্ৰণ জনোৱাৰ লগতে স্বাস্থ্য সেৱা খণ্ডক সমৰ্থন কৰাৰ বাবে পি এম জে এ ৱাই, আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু অন্যান্য কেন্দ্ৰীয় আঁচনি ৰূপায়ণত অসমে আগবঢ়োৱা বৃহৎ অগ্ৰগতিৰ বিষয়ে অৱগত কৰায়।

এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীক শৰ্মাই অসমলৈ আমন্ত্ৰণ জনোৱাৰ লগতে স্বাস্থ্য সেৱা খণ্ডক সমৰ্থন কৰাৰ বাবে পি এম জে এ ৱাই, আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু অন্যান্য কেন্দ্ৰীয় আঁচনি ৰূপায়ণত অসমে আগবঢ়োৱা বৃহৎ অগ্ৰগতিৰ বিষয়ে অৱগত কৰায়।

2 / 5

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ শৰ্মাই অসমত অগ্ৰাধিকাৰযুক্ত আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণকৰণ নিশ্চিত কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ৰ আগবঢ়োৱা সমৰ্থনত সন্তোষ প্ৰকাশ কৰে।

3 / 5

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই। 'এডভাণ্টেজ আছাম'ৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সময়চোৱাত শৰ্মাই 'এডভাণ্টেজ আছাম'ৰ দ্বিতীয় সংস্কৰণৰ আমাৰ প্রচেষ্টাত অসমৰ বিনিয়োগৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শন নিশ্চিত কৰাৰ বাবে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়।

4 / 5

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই। নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ সময়ত শৰ্মাই ২০২৫ চনত আয়োজন কৰিবলগীয়া 'এডভাণ্টেজ আছাম'ত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়।অসমক দেশৰ প্ৰধান বিকশিত ঠাইসমূহৰ সৈতে যোগাযোগ আৰু যাতায়াতত অধিক সুচলতা প্ৰদানৰ অৰ্থে ৰে'ল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনাই শৰ্মাই।

5 / 5

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে শৰ্মাই। ২০২৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই শৰ্মাই। এই সময়চোৱাত শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে আলোচনা কৰে।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...