শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে

নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ। কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান। নৃত্যাচাৰ্যলৈ আগবঢ়োৱা পদ্মভূষণ সন্মানে সত্ৰীয়া নৃত্যক পুনৰ সন্মানিত কৰিলে। আজি যতীন গোস্বামীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে।

barasha-misra
Barasha Misra | Published: 27 Jan 2025 20:47 PM
ভাৰত চৰকাৰে নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আগবাঢ়াইছে 'পদ্মভূষণ' সন্মান। পূৰ্বে ভাৰত চৰকাৰৰ 'পদ্মশ্ৰী সন্মানে'ৰে বিভূষিত কৰা হৈছিল যতীন গোস্বামীক।

1 / 5
আজি  সত্রীয়া সংস্কৃতিৰ সাধক, নৃত্যাচাৰ্য যতীন গোস্বামীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী। 'পদ্মভূষণ' সন্মানৰ বাবে বিবেচিত হোৱাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

2 / 5
৯২ বছৰ বয়সতো বন্দিত নৃত্যশিল্পীগৰাকীৰ উৎসাহ আৰু সত্রীয়া সংস্কৃতিৰ নিৰলস সাধনাই সমাজলৈ একাত্মতাৰ নতুন উদাহৰণ দাঙি ধৰিছে। আজি যতীন গোস্বামীৰ সৈতে মুখ্যমন্ত্ৰীয়ে সত্ৰীয়া নৃত্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ আলোকপাত কৰে।

3 / 5
নৃত্যাচাৰ্য যতীন গোস্বামীৰ সৈতে হোৱা বাৰ্তালাপত সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ বাবে কেইটামান ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীক। এইক্ষেত্রত ভিন্ন ভৌগোলিক এলেকাৰ লোকৰ মাজত একতাৰ সেতু হিচাপে সত্ৰীয়া নৃত্যৰ প্রচাৰ-প্রসাৰৰ বাবে চৰকাৰে পদক্ষেপ ৰূপায়ণৰ আশ্বাস প্রদান কৰে।

4 / 5
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয়, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পিছত যতীন গোস্বামীলৈ 'পদ্মভূষণ' সন্মান আগবঢ়োৱাটো অসমৰ বাবে গৌৰৱৰ বিষয়।

5 / 5