5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৭৫ শতাংশ নম্বৰ লাভৰ পাছতো এইসকল শিক্ষাৰ্থীয়ে লাভ নকৰে স্কুটী…

আজিৰ পৰা অসমত আৰম্ভ হৈছে ১২ দিনীয়া বিকাশৰ কাৰ্যসূচী। এই ১২ দিনত অসমত কেইবাখনো আঁচনিৰ ফলত হিতাধিকাৰী উপকৃত হ'ব। এই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে বাণীকান্ত মেধা বঁটাক লৈ এক ডাঙৰ মন্তব্য কৰে।

barasha-sarma
Barasha Sarma | Published: 11 Dec 2024 17:03 PM
অহা ১২ টা দিন অসমত চলিব বিকাশৰ কাৰ্যসূচী। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰে। বিভিন্ন আঁচনিৰ অধীনত ১২ টা দিনত অসমৰ  ৩,২৩,৬৪০ শিক্ষাৰ্থীলৈ চাইকেল, ৪৮,৬৭৩ স্কুটাৰ আৰু ২৬,৯৬৯ শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হ'ব।

1 / 5
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ১২ খন আঁচনিৰ ভিতৰত ৩খন আঁচনি ছাত্ৰ- ছাত্ৰীৰ বাবে। এই ৩ খন আঁচনিত আছে ড০ বাণীকান্ত  কাকতি মেধা বঁটা, আনন্দ ৰাম বৰুৱা বঁটা আদি। শৰ্মাই জনাই যে, বাণীকান্ত কাকতি বঁটাৰ অধীনত অসমৰ প্ৰায় ৫০,০০০ ছাত্ৰ-ছাত্ৰীয়ে স্কুটী লাভ কৰিব।

2 / 5
ইয়াৰোপৰি উচ্চ মাধ্যমিকত যিসকল ছাত্ৰই ৭৫ শতাংশ নম্বৰ লাভ কৰিছে আৰু যি ছাত্ৰীয়ে ৬০ শতাংশ নম্বৰ লাভ কৰিছে সেই সকলে আনন্দ ৰাম বৰুৱা বঁটা লাভ কৰিব।ইয়াৰ অধীনত ছাত্ৰ- ছাত্ৰীসকলে ১২,৫০০ টকাকৈ লাভ কৰিব।   ইয়াৰ লগতে নৱম শ্ৰেণীৰ প্ৰায় ৩ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল।

3 / 5
অৱশ্যে বাণীকান্ত কাকতি বঁটা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে  বান্ধি দিছে কিছু নিয়ম। শৰ্মাই কয় যে, বাণীকান্ত কাকতি বঁটাৰ সুবিধা লাভ কৰিবলৈ ছাত্ৰই ৭৫ শতাংশ আৰু ছাত্ৰীয়ে ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। লগতে ৰাজ্যৰ কোনো কলেজত নামভৰ্তি কৰা হ'ব লাগিব। যদি কোনোৱে উচ্চতৰ মাধ্যমিকৰ পাছত বাহিৰৰ ৰাজ্যৰ কলেজত নামভৰ্তি কৰে বা কোচিং কৰি থাকে সেই সকলে ল'ৰা- ছোৱালীয়ে এই সুবিধাৰ লাভ নাপায়।

4 / 5
গতিকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে ছাত্ৰ-ছাত্ৰী ৰাজ্যত থাকিয়েই কলেজত অধ্যয়ন কৰি থকা হ'ব লাগিব। ইয়াৰোপৰি এই আঁচনিৰ পৰা কোনো ছাত্ৰ-ছাত্ৰীৰ নাম যদি বাদ পৰিছে এই সন্দৰ্ভত সামাজিক মাধ্যমক পোষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

5 / 5
Latest Stories