শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সৰ্বানন্দ সোণোৱাল আৰু মোৰ কাৰ্যকালত BTR ত এজনো মুছলমান নিহত হোৱা নাইঃ মুখ্যমন্ত্ৰী

ইতিহাসত প্ৰথমবাৰৰ বাবে সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। কেৱল ইমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে যোৱা ৪০ বছৰত তেওঁৱেই প্ৰথম মুখ্যমন্ত্ৰী যিয়ে মুক্তভাৱে বিটিআৰত কটাইছে।

barasha-sarma
Barasha Sarma | Published: 18 Feb 2025 10:29 AM
অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশন।  ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

1 / 5
শৰ্মাই কয় যে, কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন কৰা সহজ কথা নহয়। কোনোৱে কৰিব পৰা নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত ৰাজনৈতিক সভা অনুষ্ঠিত কৰি পোৱা নাই। আনকি কলেজ, মহাবিদ্যালয় আদিৰ অনুষ্ঠানটো কোনো মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰা নাই।

2 / 5
শৰ্মাই কয় যে, মইয়ে প্ৰথম মুখ্যমন্ত্ৰীয়ে যিয়ে ৮ টা নিশা বিটিআৰত মুক্তভাৱে কটাইছে। ৪০ বছৰতকৈও অধিক সময়ত মুখ্যমন্ত্রী হিচাপে মোৰেই সৌভাগ্য যে বি টি আৰত মুক্তভাৱে ঘূৰি ফুৰিছো। প্ৰফুল্ল কুমাৰ মহন্তই এদিনো BTCত ৰাতি থকা নাছিল ৷ তৰুণ গগৈয়ে ১৫ বছৰীয়া শাসন কালত এটা ৰাতিও BTCত থাকিব পৰা নাছিল ৷ সৰ্বানন্দ সোণোৱালেও ইয়াত থকা নাছিল।

3 / 5
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া বিটিআৰলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে।  মই এতিয়া বড়োলেণ্ডত সভা পাতো, বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰো। শৰ্মাই লগতে কয়, অসম বিধানসভাৰ অধিৱেশনক লৈ আজি প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ বাৰ্তা প্ৰেৰণ কৰিছে।

4 / 5
লগতে তেওঁ কয়, সৰ্বানন্দ সোণোৱাল আৰু মোৰ দিনত বড়োভূমিত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। এজনো মুছলমান লোক নিহত হোৱা নাই। ABSUৰ সৈতে লগলাগি আমি কাম কৰি আছো বুলিও কয় শৰ্মাই । ইয়াৰোপৰি বিটিআৰৰ উন্নয়নৰ কথা সোঁৱৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিটিআৰক লৈ প্ৰশ্ন কৰাসকলে উন্নয়নৰ কথাও জনা উচিত।

5 / 5