23 Nov 2024 12:47 PM
ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰি আছে ইখনৰ পিছত সিখন অসমীয়া ছবি। ১৫ নৱেম্বৰত মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি 'অভিমন্যু'। শ্বৱনমচ্ এন্টাৰটেইনমেন্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ প্ৰযোজনা আৰু অচিন্ত শংকৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত হৈছে নতুন অসমীয়া ছবিখন।
মুক্তিৰ পিছতে দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছে ছবিখনে। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা দেৱজিৎ মজুমদাৰ, শ্বেয়া বৰঠাকুৰ, অমৃতা গগৈ, দীপলিনা, কমললোচন, হিমাংশু ডেকা , কৌশিক নাথ, ভাস্কৰ দত্তৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীসকলে।
মুক্তিৰ ফিছত দ্বিতীয় সপ্তাহত ভৰি দিলে অভিমন্যু'ই। বক্স অফিচত ছবিখনে বৰ্তমানলৈ উপাৰ্যন কৰিছে ১ কোটি টকা। সামাজিক মাধ্যমত ছবিখনৰ বক্স অফিচৰ উপাৰ্যনৰ পোষ্টাৰ শ্বেয়াৰ কৰি মূল নায়িকা দীপলিনা ডেকাই লিখিছে- ''বিভিন্ন ঘাত প্ৰতিঘাত নেওচি লাহে লাহে গতি লোৱা কিন্তু মানুহৰ মৰম বুটলিবলৈ সক্ষম হোৱা আমাৰ হেঁপাহৰ 'অভিমন্যু' আজি দ্বিতীয় সপ্তাহত ভৰি দিলে। মই সুখী এটা কথাতেই যে নিজৰ কামটোৰ প্ৰতি কোনো doubt নথকাকৈ বা খুব confidently দৰ্শকক কব পাৰিছো যে "আহিব আমাৰ ছবিখন চাব"। সাংস্কৃতিক কৰ্মী হিচাপে আৰু আমাক কি লাগে। সমগ্ৰ অসমত যি 'অভিমন্যু'ৰ কামক লৈ যোগাত্মক চৰ্চা দেখিছোঁ বা শুনিছো আমি team অভিমন্যু সচাকৈ কৃতজ্ঞ। যিসকলে চোৱা নাই এতিয়ালৈ, go and give a watch this weekend''
উল্লেখ্য যে, ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই ৷ ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ হিমাংশু নাথৰ । প্ৰদীপ দৈমাৰীৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ ছাউণ্ডৰ কামত আছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে, ইয়াৰোপৰি কৰিঅ’গ্ৰাফাৰ হিচাপে আছে দীপক দে’ ৷
ছবিখনৰ 'মোৰে কানাই' গীতটি মুকলিৰ পিছতে বহু বিতৰ্ক হৈছিল যদিও, জুবিন গাৰ্গৰ কণ্ঠত ৰাছিয়ান শিল্পীৰ নৃত্যৰ ভংগীৰে সকলোকে আচৰিত কৰিও তুলিছে। এতিয়া অসমীয়া ছবিজগতত জোৱাৰ আনিছে 'অভিমন্যু'ই ৷ এই গীতটিত জুবিন গাৰ্গৰ লগতে কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে লগতে গীতটিত অভিনয় কৰিছে জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে।