27 May 2024 13:46 PM
বাৰিষাৰ দিন আহি আছে । ইতিমধ্যে ৰাজ্যখনত বৰষুণ দিয়াও আৰম্ভ কৰিছে । বৰষুণৰ ফলত ৰাস্তা-ঘাটে জমা হয় পানী। ইয়াৰ পিছতো দৈনন্দিন কৰ্মৰ বাবে আমি বাহিৰলৈ উলাই যাব লাগে ।
পথৰ লেতেৰা পানীত ভৰি দিলে খজুৱতি হ’ব পাৰে। বাৰিষাৰ সময়ছোৱাত ভৰি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।
ভৰিত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা সৰ্বাধিক। ভৰিৰ নখে বীজাণু আৱদ্ধ কৰি সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বৰষুণৰ দিনত ভৰিৰ যত্ন লওক।
বৰষুণৰ দিনত যিমান কম ঘৰৰ পৰা ওলাই যাব সিমানেই ভাল। ৰাজপথলৈ ওলাই যাওঁতে ভাল মানৰ জোতা পিন্ধিব লাগে।
ঘৰত প্ৰৱেশ কৰাৰ লগে লগে ভৰি দুখন পৰিষ্কাৰ কৰক। প্ৰথমে বিশুদ্ধ পানীৰে ভৰি ধুব। তাৰ পিছত কুহুমীয়া পানীত অলপ নিমখ দিব। তাৰ পিছত তাত ভৰি দুখন অলপ সময় তিয়াই থওক।
ভৰি দুখন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ভৰিৰ ছাল সদায় শুকান কৰি ৰাখক। ঘৰলৈ উভতি অহাৰ পিছত ভৰি চাফা কৰাৰ পিছত ভৰি দুখন নিশ্চয় শুকুৱাই ল’ব।
ভৰি দুখন ভালদৰে চাফা কৰিব লাগে যাতে নখৰ গুৰিত মলি জমা নহয়। ফুট স্ক্ৰাবৰ সহায়ত ভৰি দুখন ভালদৰে চাফা কৰিব পাৰি। কফি আৰু মৌৰে ভৰিৰ স্ক্ৰাব বনাব পাৰি।
ভৰি পৰিষ্কাৰ কৰাৰ পিছত ভাল মইশ্ব’ৰাইজাৰ লগাব লাগে। যিকোনো ফুট ক্ৰীম ব্যৱহাৰ কৰিব পাৰি।