ৰন্ধাৰ আগত শাক পাচলিৰ পৰা কেনেদৰে কীটনাশক আঁতৰাব, জানক | how to clean pesticides off of fruits and vegetables, Learn more in Assamese Assam news - Assam Tv9

খেতি পথাৰত প্ৰায়ে ব্যৱহাৰ হয় কীটনাশক, কেনেদৰে পৰিষ্কাৰ কৰিব শাক-পাচলি…জানক

Published: 

25 Aug 2024 16:09 PM

আজিকালি খেতি পথাৰত ৰাসায়নিক দ্ৰব্যৰ প্ৰায়ে ব্যৱহাৰ কৰা হয় । শাক-পাচলি আৰু ফল-মূলক পোক-পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ বিভিন্ন কীটনাশক ব্যৱহাৰ কৰা হয়। আকৌ উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবে ৰাসায়নিক বা কীটনাশক ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থবোৰ শৰীৰৰ বাবে অতি অপকাৰী । গতিকে শাক-পাচলিৰ পৰা সকলো ৰাসায়নিক পদাৰ্থ কেনেকৈ আঁতৰাব? জানক

1 / 8আজিকালি খেতি পথাৰত ৰাসায়নিক দ্ৰব্যৰ প্ৰায়ে ব্যৱহাৰ কৰা হয় । শাক-পাচলি আৰু ফল-মূলক পোক-পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ বিভিন্ন কীটনাশক ব্যৱহাৰ কৰা হয়। আকৌ উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবে ৰাসায়নিক বা কীটনাশক ব্যৱহাৰ কৰা হয়।

আজিকালি খেতি পথাৰত ৰাসায়নিক দ্ৰব্যৰ প্ৰায়ে ব্যৱহাৰ কৰা হয় । শাক-পাচলি আৰু ফল-মূলক পোক-পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ বিভিন্ন কীটনাশক ব্যৱহাৰ কৰা হয়। আকৌ উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবে ৰাসায়নিক বা কীটনাশক ব্যৱহাৰ কৰা হয়।

2 / 8

এই ৰাসায়নিক পদাৰ্থবোৰ শৰীৰৰ বাবে অতি অপকাৰী । গতিকে শাক-পাচলিৰ পৰা সকলো ৰাসায়নিক পদাৰ্থ কেনেকৈ আঁতৰাব?

3 / 8

শাক-পাচলি ৰন্ধাৰ আগতে কুহুমীয়া পানীত ভালদৰে ধুলে বিষাক্ত পদাৰ্থ আঁতৰি যাব। গতিকে শাক-পাচলি ধুবৰ বাবে কুহুমীয়া পানী ব্যৱহাৰ কৰক। ফল-মূল একেদৰেই ধুই খোৱাটো ভাল।

4 / 8

এটা ডাঙৰ বাটিত পানী লৈ আধা চামুচ নিমখ দিব। এতিয়া সেই পানী উতলাই ফলমূল আৰু শাক-পাচলি ভালদৰে ধুব আৰু তাৰ পিছত টেপৰ পানীৰে ধুব।

5 / 8

কীটনাশক আঁতৰাবলৈ পানীৰে ধোৱাৰ পিছত ফলমূল আৰু শাক-পাচলি ভিনেগাৰত কিছু সময় তিয়াই থব পাৰে।

6 / 8

পিঁয়াজ, আলু, আপেল, কমলা, আদা, আম, বিলাহী, মূলা, বুটমাহ আদি ভালধৰে ধুই খাব লাগে ।

7 / 8

১ চামুচ নেমুৰ ৰস আৰু ২ চামুচ বেকিং ছ’ডা ভালদৰে মিহলাই লওক। এই মিশ্ৰণ একাপ পানীত মিহলাই পাতল কৰি লওক। ফল-মূল আৰু শাক-পাচলিত এই মিশ্ৰণ স্প্ৰে কৰি ৰাসায়নিক পদাৰ্থ আঁতৰাব পাৰে ।

8 / 8

পানীৰে ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ এখন গৰম পানীত তিয়াই ফল-মূলৰ ভালদৰে মচিব লাগে। পানীৰে ধোৱাৰ পিছতো যদি কিবা লাগি থাকে তেন্তে পৰিষ্কাৰ হ’ব।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!