হোৱাটছএপত মেছেজৰ সময় ভুলকৈ দেখা দিয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আপোনাৰ ফোনটোৰ টাইম চেটিংছৰ ভুল। আপোনাৰ ফোনটোৰ চিষ্টেমৰ পৰা হোৱাটছএপে সময় লয়। যদি আপোনাৰ ফোনটোৰ ঘড়ীত সঠিক সময় আৰু তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই, তেন্তে হোৱাটছএপতো মেছেজৰ সময় ভুল দেখা যাব।