Cyclone Dana: ‘ডানা’ৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত হৈ থাকিব? জানক সবিশেষ | How to keep yourself safe during the cyclone dana Assam news - Assam Tv9

Cyclone Dana: ‘ডানা’ৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত হৈ থাকিব? জানক সবিশেষ

Updated On: 

24 Oct 2024 17:23 PM

বৰষুণৰ বাবে আজি কমলা ৰঙৰ সতৰ্কতা আৰু কাইলৈ ​​কলকাতাকে ধৰি আশে-পাশে থকা জিলাসমূহৰ বাবে ৰঙা সতৰ্কতাবাণী জাৰি কৰিছে। এই সময়ত আতংকিত নহয়, কেনেকৈ সাৱধানেৰে থাকিব জানক।

1 / 5ঘূৰ্ণীবতাহ

ঘূৰ্ণীবতাহ ডানা তীব্ৰ বেগেৰে আহি আছে। বতৰ বিজ্ঞানে কয় যে, ই ওড়িশাত খুন্দা মাৰিলেও ইয়াৰ প্ৰভাৱৰ পৰা পশ্চিম বংগক ৰেহাই নপৰিব। স্থলপথত প্ৰৱেশৰ সময়ত ধুমুহাৰ গতি ঘণ্টাত ১০০-১১০ কিলোমিটাৰ হ’ব।

2 / 5

'ডানা' মূলতঃ ‘আম্ফান’ত কৈ অধিক মনত আতংকৰ সৃষ্টি কৰিব। কিন্তু এই সময়ত নিজকে সুৰক্ষিত ৰখাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কাম।

3 / 5

ইতিমধ্যে উপকূলীয় জিলাসমূহত ধুমুহাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞানে জনোৱা মতে, পূব মেদিনীপুৰত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ হ’ব পাৰে। কলকাতাকে ধৰি নিকটৱৰ্তী জিলাসমূহত আজি বৰষুণৰ বাবে কমলা সতৰ্কবাণী আৰু কাইলৈৰ বাবে ৰঙা সতৰ্কতা জাৰি কৰা হৈছে।

4 / 5

ঘূৰ্ণীবতাহৰ চাৰিওফালে বিভিন্ন উৰাবাতৰি বিয়পি পৰিছে। সকলোৰে কথা নুশুনিব। মনত ৰাখিব মোবাইল ফোন এতিয়া বহুত গুৰুত্বপূৰ্ণ। গতিকে মোবাইল ফোনটো আগতীয়াকৈ চাৰ্জ দি ৰাখক।

5 / 5

ধুমুহাৰ আগত নিৰাপদ ঠাইলৈ যাব চেষ্টা কৰক। ঘৰৰ চাৰিওফালে গছ-গছনি বেছি হ’লে সাৱধান হ’ব। যদি ঘৰৰ চালখন দুৰ্বল হয়, তেন্তে ধুমুহাৰ সময়ত তাত নাথাকিলে ভাল। পৰা পক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাব। ইয়াৰোপৰি লগত টৰ্চ এটা ৰখাৰ ব্যৱস্থা কৰক।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!