আপোনাৰ WhatsApp নিষিদ্ধ কৰিলে কেনেকৈ ঠিক কৰিব ? | How to Recover Your Banned WhatsApp Account Assam news - Assam Tv9

আপোনাৰ WhatsApp নিষিদ্ধ কৰিলে কেনেকৈ ঠিক কৰিব ? অনুসৰণ কৰক এই প্ৰক্ৰিয়া…

Updated On: 

23 Dec 2024 16:44 PM

সমাজত নেতিবাচক প্ৰভাৱ পেলাব পৰা বাৰ্তা প্ৰেৰণ, হোৱাটছএপৰ জৰিয়তে আপত্তিজনক তথ্য় শ্বেয়াৰ কৰা আদিৰ কাৰণত আপোনাৰ একাউণ্ট ব্লক কৰিব পাৰে । এই প্ৰক্ৰিয়া অনুসৰণ কৰক আৰু আপোনাৰ একাউণ্ট ঠিক কৰক।

1 / 5হোৱাটছএপে ব্য়ৱহাৰকাৰীৰ গোপনীয়তা ৰক্ষা কৰিবৰ বাবে সময়ে সময়ে এপৰ পৰিৱৰ্তন কৰি থাকে । ব্য়ৱহাৰকাৰী সুবিধা হোৱাকৈ কিছুমান ফিচাৰ সময়ে সময়ে আপডেট কৰে হোৱাটছএপে । উল্লেখ্য যে, ব্যৱহাকাৰীয়ে বহু সময়ত হোৱাটছএপ অপব্যৱহাৰ কৰাৰ বাবে একাউণ্ট ব্লক কৰাৰো ব্যৱস্থা কৰে হোৱাটছএপে । যদি হোৱাটছএপৰ নীতি উলংঘা হয় তেন্তে একাউণ্টটো ব্লক বা নিষিদ্ধ কৰে কোম্পানীটোৱে।

হোৱাটছএপে ব্য়ৱহাৰকাৰীৰ গোপনীয়তা ৰক্ষা কৰিবৰ বাবে সময়ে সময়ে এপৰ পৰিৱৰ্তন কৰি থাকে । ব্য়ৱহাৰকাৰী সুবিধা হোৱাকৈ কিছুমান ফিচাৰ সময়ে সময়ে আপডেট কৰে হোৱাটছএপে । উল্লেখ্য যে, ব্যৱহাকাৰীয়ে বহু সময়ত হোৱাটছএপ অপব্যৱহাৰ কৰাৰ বাবে একাউণ্ট ব্লক কৰাৰো ব্যৱস্থা কৰে হোৱাটছএপে । যদি হোৱাটছএপৰ নীতি উলংঘা হয় তেন্তে একাউণ্টটো ব্লক বা নিষিদ্ধ কৰে কোম্পানীটোৱে।

2 / 5

কিন্তু বহু ক্ষেত্ৰত কোনো ভুল নোহোৱাকৈ মানুহৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰিব পাৰে । এনে পৰিস্থিতিত যদি আপোনাৰ একাউণ্টতো কোনো ভুল নোহোৱাকৈ নিষিদ্ধ কৰা হৈছে, তেন্তে চিন্তা নকৰিব। এই প্ৰক্ৰিয়া অনুসৰণ কৰক আৰু আপোনাৰ একাউণ্ট ঠিক কৰক।

3 / 5

যেতিয়াই আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ হয় তেতিয়াই আপোনালৈ এটা জাননী প্ৰেৰণ কৰা হয়। এই জাননীত আপোনাৰ একাউণ্ট কিয় নিষিদ্ধ কৰা হৈছে সেই বিষয়ে কোৱা হয় । হোৱাটছএপৰ নিয়ম উলংঘা কৰাৰ বাবেই এনে হয়। সমাজত নেতিবাচক প্ৰভাৱ পেলাব পৰা বাৰ্তা প্ৰেৰণ, হোৱাটছএপৰ জৰিয়তে আপত্তিজনক তথ্য় শ্বেয়াৰ কৰা আদিৰ কাৰণত আপোনাৰ একাউণ্ট ব্লক কৰিব পাৰে ।

4 / 5

যদি ভুলতে আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে, তেন্তে আপুনি হোৱাটছএপ সহায়কাৰী দলৰ সৈতে যোগাযোগ কৰিব পাৰে। এপটোলৈ গৈ 'HELP' অপচনত ক্লিক কৰক। আপুনি সন্মুখীন হোৱা সমস্যাটো ইমেইলৰ জৰিয়তে ৰিপৰ্ট কৰিব পাৰে। আপোনাৰ যোগাযোগ নম্বৰ, সম্পূৰ্ণ বিৱৰণ আৰু আপোনাৰ একাউণ্ট নিষিদ্ধ কৰাৰ কাৰণ ইমেইলত প্ৰেৰণ কৰক।

5 / 5

কেতিয়াবা হোৱাটছএপে আপোনাৰ একাউণ্টটো সাময়িকভাৱে নিষিদ্ধ কৰিব পাৰে। এই নিষেধাজ্ঞা ২৪ ঘণ্টাৰ পৰা ৩০ দিনৰ ভিতৰত সমাধান কৰিব পাৰিব। কিন্তু মনত ৰাখিব যে, এই সময়ছোৱাত আপুনি কোনো তৃতীয় পক্ষৰ হোৱাটছএপ যেনে- GBWhatsApp, WhatsApp Plus ব্যৱহাৰ কৰিব নালাগে। এই প্লেটফৰ্মসমূহো এই অস্থায়ী নিষেধাজ্ঞাৰ কাৰণ হৈ পৰে।

ভ্ৰমণৰ জৰিয়তে কি কি লাভ হয় জানেনে?
ওজন কমোৱাত সহায় কৰে কমলাই, জানক উপকাৰিতা গুণৰ বিষয়ে...
তুলসীৰ সৈতে লং থ’লে ভাগ্যোদয় হ’ব আপোনাৰ জীৱনৰ, হ’ব লক্ষ্মীৰ আগমন
দীঘল আৰু ঘন চুলি বিচাৰে নেকি? তেন্তে সৰিয়হ তেলৰ সৈতে এই সামগ্ৰী মিহলাই কৰক ব্যৱহাৰ...