চলমান খানৰ এই ৬ খন ছবি ছবিগৃহত মুকলি হ'লে Stardom ৰ পিতৃ আখ্যা দিলেহেঁতেন! | If Salman Khan's 6 films had not been canceled, he would be the king of stardom, Inshallah Babar Sher the Bull Assam news - Assam Tv9

চলমান খানৰ এই ৬ খন ছবি ছবিগৃহত মুকলি হ’লে Stardom ৰ পিতৃ আখ্যা দিলেহেঁতেন!

Published: 

09 Mar 2025 15:34 PM

Salman Khan shelved Films: চলমান খানৰ বহু ছবি নিৰ্মাণ কৰাৰ পূৰ্বেই বন্ধ হৈ গৈছিল আৰু কিছুমান ছবি নিৰ্মাণ হোৱাৰ পিছতো ছবিগৃহত মুক্তি দিব পৰা নাছিল। যদি চলমানৰ এই ৬ খন ছবি মুক্তি পালেহেঁতেন তেন্তে আজি ছুপাৰষ্টাৰজনক ষ্টাৰডমৰ ৰজা বুলি ক’লেহেঁতেন। সেই ৬ খন চিনেমা কি কি জানক।

1 / 7চলমান খানৰ ছবিক লৈ অনুৰাগীৰ মাজত থাকে যথেষ্ঠ উন্মাদনা। ভাইজানৰ ফেন আৰ্মীয়ে কেৱল তেওঁক চাবলৈ চিনেমা হলত উপস্থিত হয়। সেইবাবেই চলমানৰ ফ্লপ চিনেমাত ১০০-১০০ কোটি টকা উপাৰ্জন হয়। আচলতে চলমানে কেৰিয়াৰৰ আৰম্ভণিতে ভাল ষ্টাৰডম লাভ কৰিছিল। কিন্তু তেওঁৰ ৬ খন ডাঙৰ ছবি আছিল যি কেতিয়াও ছবিগৃহত মুক্তি নাপালে।

চলমান খানৰ ছবিক লৈ অনুৰাগীৰ মাজত থাকে যথেষ্ঠ উন্মাদনা। ভাইজানৰ ফেন আৰ্মীয়ে কেৱল তেওঁক চাবলৈ চিনেমা হলত উপস্থিত হয়। সেইবাবেই চলমানৰ ফ্লপ চিনেমাত ১০০-১০০ কোটি টকা উপাৰ্জন হয়। আচলতে চলমানে কেৰিয়াৰৰ আৰম্ভণিতে ভাল ষ্টাৰডম লাভ কৰিছিল। কিন্তু তেওঁৰ ৬ খন ডাঙৰ ছবি আছিল যি কেতিয়াও ছবিগৃহত মুক্তি নাপালে।

2 / 7

চিকন্দৰৰ পিছত চলমান খানে পৰিচালক এটলীৰ সৈতে এখন ডাঙৰ বাজেটৰ ছবি কৰিবলৈ ওলাইছিল। এই ছবিখনক লৈ সকলোতে চৰ্চা চলিছিল। কিন্তু এটলীৰ সৈতে A6 ৰ কাম আৰম্ভ হোৱাৰ আগতেই ছবিখন বন্ধ হোৱাৰ খবৰ পোহৰলৈ আহে। চলমানৰ সৈতে ছবিখনত ৰজনীকান্তক অভিনয় কৰোৱাব বিচাৰিছিল পৰিচালকগৰাকীয়ে। কিন্তু ডাঙৰ বাজেটৰ বাবে এই ছবিখন আৰম্ভ হোৱাৰ আগতেই বন্ধ কৰি দিয়া হৈছে। যদি এই ছবিখন নিৰ্মাণ কৰা হ’লহেঁতেন তেন্তে এই ছবিখনে উদ্যোগটোৰ সকলো অভিলেখ ভংগ কৰিব পাৰিলে হয় বুলি আশা কৰা হৈছিল।

3 / 7

টাইগাৰ আৰু বজৰংগী ভাইজানৰ দৰে ছুপাৰহিট ছবিৰ অন্তত চলমান খান আৰু পৰিচালক কবীৰ খানে বাব্বৰ শ্বেৰত একেলগে কাম কৰিবলৈ ওলাইছিল। অনুৰাগীসকলো এই ছবিখনক লৈ অতি উৎসাহিত হৈছিল। ছবিখনৰ শিৰোনাম প্ৰকাশ পোৱাৰ লগে লগে সকলোৱে অনুভৱ কৰিলে যে এই ছবিখনৰ জৰিয়তে চলমান খানে বক্স অফিচত ৰাজ কৰিব। কিন্তু শেহতীয়াকৈ কবীৰ খানে এক সাক্ষাৎকাৰত কয় যে, তেওঁ বহুবাৰ চলমানক লগ পাইছে। কিন্তু তেওঁ বৰ্তমান এই ছবিখন নিৰ্মাণ কৰা নাই আৰু এই ছবিখন সন্দৰ্ভত তেওঁ এতিয়াও কোনো পৰিকল্পনা কৰা নাই।

4 / 7

ইনশ্বাল্লাহ ছবিখনৰ জৰিয়তে চলমান খান আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে বহু বছৰৰ পাছত একেলগে কাম কৰিবলৈ ওলাইছিল। প্ৰথমবাৰৰ বাবে আলিয়া ভাটকো চলমানৰ সৈতে ছবিখনত দেখা পালেহেঁতেন। কিন্তু হঠাৎ খবৰ আহিল যে, ছবিখনৰ কাহিনী সন্দৰ্ভত চলমান আৰু ভাঞ্চালীৰ চিন্তাধাৰাৰ মিল নাই। যাৰ বাবে এই ছবিখন আৰম্ভ হোৱাৰ আগতেই বন্ধ কৰি দিয়া হৈছিল।

5 / 7

কৰণ জোহৰ আৰু চলমান খানেও বহু বছৰৰ পাছত দ্য বুল ছবিখনৰ বাবে হাত মিলাইছিল। কিন্তু ছবিখনৰ কাম বন্ধ হৈ গ’ল আৰু কোৱা হ’ল যে ছলমানে প্ৰথমে আন কিবা এটা প্ৰজেক্টত কাম কৰিব। অৱশ্যে চলমান আৰু কৰণৰ দ্য বুল এতিয়া বন্ধ ৰখা হৈছে বুলি অনুমান কৰা হৈছে। দীৰ্ঘদিন ধৰি এই ছবিখন সন্দৰ্ভত কোনো আপডেট পোৱা নাই।

6 / 7

চলমান খান, সুনীল শ্বেট্টী আৰু শিল্পা শ্বেট্টীয়ে একেলগে কাম কৰিবলৈ ওলাইছিল চোৰী মেৰা নাম ছবিখনত। ছবিখনৰ বহু দৃশ্যৰ শ্বুটিংও আৰম্ভ হৈছিল। কিন্তু এই ছবিখন কেতিয়াও ছবিগৃহত মুক্তি পাব পৰা নাছিল। অৱশ্যে এই ছবিখন বন্ধ কৰাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাছিল কিন্তু ইয়াৰ ঘোষণা বহুত ধুমধামেৰে কৰা হৈছিল।

7 / 7

চলমান খান আৰু সঞ্জয় দত্তই ৯০ৰ দশকৰ পৰাই দস ছবিখনৰ কাম আৰম্ভ কৰিছিল। এই দুজন অভিনেতাৰ উপৰিও এই ছবিখনত বিনোদ খান্নাইও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু ছবিখনৰ পৰিচালকৰ মৃত্যুৰ বাবে আধাতে বন্ধ কৰি দিয়া হয়। এই ছবিখনৰ শ্বুটিং আৰু কেতিয়াও আৰম্ভ নহ’ল। এনে পৰিস্থিতিত এই ছবিখন বন্ধ কৰি দিয়া হয়।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?