IIFA 2025: অসম সন্তান অনুৰাগ শইকীয়ালৈ IIFA ৰ 'বেষ্ট টাইটেল ট্ৰেক'ৰ সন্মান | IIFA 2025 award best title track award to anurag saikia assam Assam news - Assam Tv9

IIFA 2025: অসম সন্তান অনুৰাগ শইকীয়ালৈ IIFA ৰ ‘বেষ্ট টাইটেল ট্ৰেক’ৰ সন্মান

Updated On: 

09 Mar 2025 14:11 PM

IIFA: বলীউডৰ বহু প্ৰতিষ্ঠিত শিল্পীক পিছ পেলাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উজ্বলি উঠিল অসম সন্তান অনুৰাগ শইকীয়া।মিছমেথছড ছীজন-৩ৰ ‘ইস্ক হে’ শীৰ্ষক গীতটিৰ বাবে তেওঁ IIFA ত শীৰ্ষ টাইটেল ট্ৰেকৰ বঁটা লাভ কৰিছে।

1 / 5অসমবাসীৰ বাবে এক ভাল খবৰ। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উজ্বলি উঠিল অসম সন্তান অনুৰাগ শইকীয়া। বলীউডৰ বহু প্ৰতিষ্ঠিত শিল্পীক পিছ পেলাই সংগীত পৰিচালত অনুৰাগ শইকীয়াই আইফাত 'শ্ৰেষ্ঠ টাইটেল ট্ৰেক' শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়।

অসমবাসীৰ বাবে এক ভাল খবৰ। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উজ্বলি উঠিল অসম সন্তান অনুৰাগ শইকীয়া। বলীউডৰ বহু প্ৰতিষ্ঠিত শিল্পীক পিছ পেলাই সংগীত পৰিচালত অনুৰাগ শইকীয়াই আইফাত 'শ্ৰেষ্ঠ টাইটেল ট্ৰেক' শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়।

2 / 5

নেটফ্লিক্সত উপলব্ধ ছিৰিজ মিছমেথছড ছীজন-৩ৰ ‘ইস্ক হে’ শীৰ্ষক গীতটিৰ বাবে তেওঁক শোভা ৰিয়েলিটী আইফা ডিজিটেল এৱাৰ্ড আগবঢ়োৱা হৈছে। অনুৰাগ শইকীয়াৰ এই প্ৰাপ্তিত সমগ্ৰ অসমে গৌৰৱ অনুভৱ কৰিছে।

3 / 5

উল্লেখ্য যে, যোৱা কেইটামান বছৰৰ পৰা অনুৰাগ শইকীয়াই বলীউডত এটাৰ পাছত আন এটা হিট গান দি আহিছে। অনুৰাগে ৱেব ছিৰিজ পঞ্চায়তকে ধৰি কেইবাখনো ছিৰিজৰ সংগীত পৰিচালনা কৰিছে। তেওঁ পৰিচালনা কৰা প্ৰতিটো গীতে দৰ্শকে আদৰি লোৱা দেখা যায়।

4 / 5

ইয়াৰ মাজতে শনিবাৰে জয়পুৰত অনুষ্ঠিত হোৱা ২৫ সংখ্যক IIFA এৱাৰ্ডছত অনুৰাগ শইকীয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখ্য যে, এই অনুষ্ঠানত আৰু বিভিন্ন শিতানত বিভিন্নজনক বঁটা প্ৰদান কৰা হয়।

5 / 5

অনুৰাগ শইকীয়াৰ এই প্ৰাপ্তিৰ পাছত মুখ্যমন্ত্ৰীৰ পৰা সাধাৰণ অনুৰাগীলৈ বিভিন্নজনে তেওঁক শুভেচ্ছা জনাইছে । হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে- সঁচাকৈয়ে অতি ভাললগা বতৰা যে অসমৰ বহু উজ্জ্বল তাৰকাই বলীউডত এক স্থান লাভ কৰি নিজৰ লগতে আমাৰ ৰাজ্যৰো নাম উজলাইছে৷ অতি প্ৰতিভাৱান সংগীতজ্ঞ শ্ৰীঅনুৰাগ শইকীয়াই বলীউডৰ প্ৰতিষ্ঠিত শিল্পীক পিছ পেলাই মিছমেথছড ছীজন-৩ত ‘ইস্ক হে’ শীৰ্ষক গীতটিৰ বাবে শোভা ৰিয়েলিটী আইফা ডিজিটেল এৱাৰ্ড লাভ কৰিছে৷ এই খবৰে আমাক আহ্লাদিত কৰিছে৷ ন ন সৃষ্টি আৰু স্বপ্ৰতিভাৰে ভৱিষ্যতৰ দিনত তেওঁ আকৌ উজলি উঠক, সেয়াই কামনা কৰিলোঁ৷ অনুৰাগলৈ আন্তৰিক অভিনন্দন৷

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?