৩০ নৱেম্বৰৰ পৰা হ’ব প্ৰতিদ্বন্দিতাঃ তাৰ পূৰ্বে অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় দলৰ | India vs Australia team India meets Australian PM Anthony Albanese Rohit Sharma Virat Kohli Jasprit Bumrah Assam news - Assam Tv9

৩০ নৱেম্বৰৰ পৰা হ’ব প্ৰতিদ্বন্দিতাঃ তাৰ পূৰ্বে অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় দলৰ

Published: 

28 Nov 2024 18:00 PM

পাৰ্থ টেষ্টত চমকপ্ৰদ জয়েৰে অষ্ট্ৰেলিয়া অভিযান আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। এই জয়েৰে ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে। ৬ ডিচেম্বৰৰ পৰা হ’বলগীয়া দ্বিতীয় মেচৰ পূৰ্বে ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে এখন ৱাৰ্ম আপ মেচ খেলিব। এই মেচখনৰ পূৰ্বে ভাৰতীয় দলে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজক সাক্ষাৎ কৰে।

1 / 5ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলে পাৰ্থত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি অষ্ট্ৰেলিয়াক বিশাল ব্যৱধানত পৰাস্ত কৰে আৰু শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে। এই জয়েৰে আত্মবিশ্বাসী হৈ উঠা ভাৰতীয় দলে শৃংখলাত নিজৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে ৬ ডিচেম্বৰৰ পৰা দ্বিতীয় মেচত অৱতীৰ্ণ হ’ব ভাৰত।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলে পাৰ্থত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি অষ্ট্ৰেলিয়াক বিশাল ব্যৱধানত পৰাস্ত কৰে আৰু শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে। এই জয়েৰে আত্মবিশ্বাসী হৈ উঠা ভাৰতীয় দলে শৃংখলাত নিজৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে ৬ ডিচেম্বৰৰ পৰা দ্বিতীয় মেচত অৱতীৰ্ণ হ’ব ভাৰত।

2 / 5

অৱশ্যে এই মেচৰ পূৰ্বে ৩০ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে দুদিনীয়া এখন ৱাৰ্ম আপ মেচ খেলিব ভাৰতে। কেনবেৰাত হ’বলগীয়া এই দিবা নৈশ মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজক সাক্ষাৎ কৰে।

3 / 5

প্ৰথম টেষ্টত দলত নথকা ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ইতিমধ্যে পাৰ্থ টেষ্টৰ সময়তে দলত যোগদান কৰিছে। আজি ৰোহিতৰ নেতৃত্বত অষ্ট্ৰেলিয়াত উপস্থিত থকা ভাৰতীয় খেলুৱৈসকলে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

4 / 5

প্ৰধানমন্ত্ৰী এন্থনি আলবানিজে ভাৰতীয় খেলুৱৈসকলক যথেষ্ট উৎসাহেৰে সাক্ষাৎ কৰা দেখা যায়। অধিনায়ক ৰোহিত শৰ্মাই দলৰ সকলো খেলুৱৈৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীক চিনাকি কৰাই দিয়ে। ভাৰতীয় খেলুৱৈগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চেল্ফি লোৱাও দেখা যায়।

5 / 5

কেনবেৰাত এই সাক্ষাতৰ সময়ত ভাৰতীয় দলৰ দুই তাৰকা বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ সৈতে যথেষ্ট উৎফুল্লিত ৰূপত দেখা যায় প্ৰধানমন্ত্ৰীগৰাকীক। তেওঁ বুমৰাহৰ বলিঙৰ প্ৰশংসা কৰাৰ লগতে বিৰাট কোহলীৰ সৈতে বহুসময় কথা পতা দেখিবলৈ পোৱা যায়।

ৰাতি দৈ খোৱা উচিত নে? দৈৰ উপকাৰিতা আৰু অপকাৰিতা জানক
আপোনাৰ ওজন কমোৱাত সহায় কৰিব মগুৱে, জানক উপকাৰিতাৰ বিষয়ে
এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?