5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি বাংলাদেশৰ বিপক্ষে প্ৰথম টি-২০ঃ মূল একাদশত স্থান পাবনে ৰিয়ানে!

বাংলাদেশৰ বিপক্ষে ভাৰতৰ তিনিখনীয়া মেচৰ টি-২০ শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। আজি শৃংখলাৰ প্ৰথমখন মেচ গোৱালিয়ৰৰ নিউ মাধৱৰাও সিন্ধিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইতিমধ্যে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে এই শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত এই দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগেও। আজি প্ৰথম মেচত ৰিয়ানে দলৰ মূল একাদশত স্থান লাভ কৰিব বুলি অধীৰ আশাৰে বাট চাইছে ৰাজ্যৰ ক্ৰিকেট প্ৰেমীয়ে।

monjit-dutta
Monjit Dutta | Published: 06 Oct 2024 11:32 AM
বাংলাদেশৰ বিপক্ষে তিনিখনীয়া মেচৰ টি-২০ শৃংখলাৰ আজি প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। মেচখনৰ বাবে অনুশীলনত ব্যস্ত অসম সন্তান ৰিয়ান পৰাগ।

1 / 5
আজি প্ৰথমখন মেচত ভাৰতৰ মূল একাদশত ৰিয়ানে স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মিডল অৰ্ডাৰত এগৰাকী আক্ৰমণাত্মক বেটাৰ হিচাপে ইতিমধ্যে নিজকে প্ৰমাণ কৰা ৰিয়ানে প্ৰয়োজনৰ সময়ত এগৰাকী বলাৰ হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

2 / 5
উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত জিম্বাবুৱে ভ্ৰমণত টি-২০ ফৰ্মেটৰ জৰিয়তে ৰিয়ান পৰাগে ৰাজ্যৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলৰ হৈ অভিষেক ঘটায়।

3 / 5
আইপিএলত ধাৰাবাহিকভাৱে দুই তিনিটা ছিজনত ব্যৰ্থ হোৱা ৰিয়ান প্ৰাৰম্ভিক অৱস্থাত যথেষ্ট সমালোচনাৰ সন্মুখীন হ’লেও ঘৰুৱা ছিজনত দুৰন্ত প্ৰদৰ্শনেৰে ৰিয়ানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পিছতে আইপিএলৰ গত ছিজনতো স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠি ৰিয়ানে সমালোচকৰ মুখ বন্ধ কৰে।

4 / 5
ইতিমধ্যে ৰিয়ানৰ মাজত ভাৰতীয় দলৰ ভৱিষ্যতৰ তাৰকাৰ সন্ধান পাইছে বহুকেইজন প্ৰাক্তন তাৰকা তথা ক্ৰিকেট বিশেষজ্ঞই। বাংলাদেশৰ বিপক্ষে এই শৃংখলাত ৰিয়ানে নিজকে প্ৰমাণ কৰি ভাৰতীয় দলত নিজৰ স্থান নিগাজী কৰাৰ সুযোগ লাভ কৰিব।

5 / 5
Latest Stories