20 May 2024 19:27 PM
ৰোহিত শৰ্মাৰ গেৰেজত আছে লেমবৰ্গিনি উৰুছ। ইয়াৰ মূল্য প্ৰায় ৩.৫ কোটি টকা। বাহনখনত আছে V8, ৪ লিটাৰৰ টুইন টাৰ্বোচাৰ্জড V8 পেট্ৰ’ল ইঞ্জিন।
বিৰাট কোহলীৰ ওচৰত আছে অ’ডি আৰ ৮ ভি১০ এলএমএক্স। এই বিলাসী বাহনখনৰ মূল্য প্ৰায় ৩ কোটি টকা। ইয়াত ৫.৭ লিটাৰৰ V10 ইঞ্জিন আছে, যি ৫৭০hp পাৱাৰ আৰু ৫৪০Nm টৰ্ক উৎপন্ন কৰে।
ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ আছে BMW i8। এই বাহনখনৰ মূল্য প্ৰায় ২.৬২ কোটি টকা। ইয়াত ১.৫ লিটাৰৰ পেট্ৰ’ল ইঞ্জিন আছে, যি ৩৫৭hp পাৱাৰ আৰু ৫৭০Nm টৰ্ক উৎপন্ন কৰে।
শিখৰ ধাৱনৰ এখন BMW M8 Coupe বাহন আছে। ইয়াৰ দাম প্ৰায় ২ কোটি টকা। গাড়ীখনত আছে ৪.৪ লিটাৰৰ V8 ইঞ্জিন। এই বাহনখনে মাত্ৰ ৩.৩ ছেকেণ্ডত প্ৰতি ঘণ্টাত ০ৰ পৰা ১০০ কিলোমিটাৰলৈ গতি কৰিব পাৰে।
শ্ৰেয়স আয়াৰ এখন মাৰ্চিডিজ এএমজি ৬৩ৰ গৰাকী। ইয়াৰ মূল্য প্ৰায় ২.৪৫ কোটি টকা। গাড়ীখনত আছে ৪ লিটাৰৰ V8 বাইটাৰ্বো পেট্ৰ’ল ইঞ্জিন, যি ৫৭৬bhp পাৱাৰ আৰু ৮৫০Nm টৰ্ক উৎপন্ন কৰে।