ভাৰতীয় দলৰ সৈতে যাত্ৰা অন্ত পৰিল ষ্টিমাকৰঃ অপসাৰণ কৰিলে ফেডাৰেচনে Assam news - Assam Tv9

ভাৰতীয় দলৰ সৈতে যাত্ৰা অন্ত পৰিল ষ্টিমাকৰঃ অপসাৰণ কৰিলে ফেডাৰেচনে

Published: 

18 Jun 2024 18:21 PM

বিশ্বকাপ কোৱালিফায়াৰত অভিযান অন্ত পৰিল ভাৰতীয় ফুটবল দলৰ যাত্ৰা। পুনৰ এবাৰ স্থবিৰ হৈ পৰিল ভাৰতৰ ফিফা বিশ্বকাপত প্ৰৱেশৰ আশা। প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকে ভাৰতীয় ফুটবল দলৰ সৈতে ইটোৰ পিছত সিটোকৈ পৰীক্ষামূলক পৰিকল্পনা চলাইছিল যদিও অৱশেষত এই সকলো পৰিকল্পনা পুনৰ এবাৰ ব্যৰ্থ হয়। ইয়াৰ পিছতে ভাৰতীয় দলৰ সৈতে যাত্ৰা অন্ত পৰিছে ক্ৰ’ৱেচিয়ান প্ৰশিক্ষকগৰাকীৰ। বিশ্বকাপৰ কোৱালিফায়াৰত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে ষ্টিমাকৰ অপসাৰণৰ দাবী উত্থাপন হৈ আহিছিল আৰু অৱশেষত ভাৰতীয় ফুটবল ফেডাৰেচনে অপসাৰণ কৰে ষ্টিমাকক।

1 / 5ভাৰতীয়

ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকক প্ৰশিক্ষক পদৰ পৰা বৰ্খাস্ত কৰা হৈছে। সোমবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে ষ্টিমাকক অপসাৰণ কৰাৰ সিদ্ধান্ত লয়। ফেডাৰেচনে জানিবলৈ দিয়া মতে, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ষ্টিমাকক অপসাৰণ কৰা হৈছে আৰু তেওঁক এই বিষয়ে অৱগত কৰা হৈছে।

2 / 5

শেহতীয়াকৈ ভাৰতীয় দলৰ প্ৰদৰ্শনৰ পিছৰে পৰা ষ্টিমাকৰ অপসাৰণৰ বিষয়ে জল্পনা-কল্পনা চলি আহিছিল। ফিফা বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডত কাটাৰৰ বিৰুদ্ধে বিতৰ্কিতভাৱে ১-২ গলৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতে ভাৰতীয় দলৰ বিশ্বকাপত প্ৰৱেশৰ যাত্ৰা ৰুদ্ধ হৈ পৰে।

3 / 5

সোমবাৰে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ বৈঠকত সকলো সদস্যই ষ্টিমাকক অপসাৰণৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে। ইয়াৰ পিছতে ফেডাৰেচনে এক বিবৃতি প্ৰকাশ কৰি বিশ্বকাপৰ যোগ্যতা অভিযানত ভাৰতৰ হতাশাজনক প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত দলৰ ভৱিষ্যতৰ বাবে নতুন প্ৰশিক্ষকৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

4 / 5

উল্লেখ্য যে বিদায়ী প্ৰশিক্ষক ষ্টিমাক ১৯৯৮ চনৰ ফিফা বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ক্ৰ’ৱেচিয়ান দলৰ এগৰাকী অন্যতম সদস্য আছিল। ২০১৯ চনত তেওঁক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ তত্বাৱধানত ফিফা ৰেংকিঙৰ শীৰ্ষ ১০০ স্থানলৈ কিছু সময়ৰ বাবে পুনৰ উন্নীত হৈছিল ভাৰত।

5 / 5

ষ্টিমাকৰ কাৰ্যকালত ভাৰতীয় দলটোৱে দুবাৰ SAFF চেম্পিয়নশ্বিপকে ধৰি ৪টা ট্ৰফী লাভ কৰিছিল যদিও যোৱা কেইমাহমানৰ ভিতৰত দলটোৰ প্ৰদৰ্শনৰ অৱনতি ঘটিছিল। দীৰ্ঘদিন ধৰি ভাৰতীয় দলে প্ৰতিপক্ষৰ বিপক্ষে এটাও গল স্ক’ৰ কৰিব পৰা নাছিল। ইয়াৰ পিছতে ষ্টিমাকৰ অপসাৰণক লৈ দাবী উত্থাপন হৈ আহিছিল।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?