শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশত নিৰ্মাণ হৈছে বিশ্বৰ দীৰ্ঘতম ৰে’লঃ প্ৰথমবাৰৰ বাবে দেখা যাব এই প্ৰযুক্তি

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে এক সুখবৰ। শীঘ্ৰেই ভাৰতীয় ৰে’লখণ্ডত এক অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন ঘটিব বুলি জানিবলৈ দিছে ৰে’লমন্ত্ৰীগৰাকীয়ে। ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত তেওঁ এই সুখবৰ প্ৰকাশ কৰিছে।

monjit-dutta
Monjit Dutta | Published: 09 Feb 2025 14:45 PM
ভাৰতীয় ৰে’লৱেত শীঘ্ৰেই সংযোজন ঘটিব এক নতুন প্ৰযুক্তিৰ। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে  সংসদত দিছে এই সুখবৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতীয় ৰে’লৱেই দ্ৰুতগতিত আৰম্ভ কৰিছে অত্যাধুনিক প্ৰকল্পৰ হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণৰ কাম। প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’লখণ্ডত এই প্ৰযুক্তি দেখিবলৈ পোৱা যাব।

1 / 5
এই বিশেষ ৰে’লখন বিশ্বৰ অন্যতম দীৰ্ঘতম আৰু শক্তিশালী ৰে’ল হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। অসমৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰিছে অশ্বিনী বৈষ্ণৱে। ভাৰতীয় ৰে’লৱেই পাইলট প্ৰজেক্ট হিচাপে এই হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কৰি আছে।

2 / 5
ৰিচাৰ্ছ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যন, চমুকৈ RDSO ৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি এই ৰে’লখন নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে। ইফালে প্ৰয়োজন অনুসাৰে হাইড্ৰ’জেন পুনৰ ভৰ্তিকৰণৰ বাবে বিশেষ আন্তঃগাঁথনি সৃষ্টি কৰা হ’ব বুলিও অশ্বিনী বৈষ্ণৱে লগতে প্ৰকাশ কৰিছে।

3 / 5
হাইড্ৰ’জেন চালিত এই ৰে’ল নিৰ্মাণৰ বিষয়ে সদৰী কৰাৰ সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে বিগত তিনিটা বিত্তীয় বৰ্ষত ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে মুঠ ৬৪০ টা বন্দে ভাৰতৰ ডবা নিৰ্মাণ কৰিছে বুলিও ৰাজ্যসভাত অৱগত কৰে। সাংসদ বিক্ৰমজিৎ সিং সাহনীৰ এক প্ৰশ্নৰ উত্তৰত কাপুৰথালাস্থিত ৰে’ল ক’চ ফেক্টৰী, চমুকৈ RCF- এ যোৱা তিনি বছৰত মুঠ ৫৪১৪টা ডবা নিৰ্মাণ কৰিছে বুলি জানিবলৈ দিয়ে অশ্বিনী বৈষ্ণৱে।

4 / 5
উল্লেখ্য যে প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ৰে’লৱে কাৰ্বনমুক্ত কৰি তোলাৰ লক্ষ্য লৈছে ভাৰতীয় ৰে’লৱেই । হাইড্ৰ’জেন চালিত ৰে’লসেৱা সেই পদক্ষেপৰে অন্যতম অংশ।

5 / 5