5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি আই পি এলৰ মহাৰণঃ ফাইনেলৰ পূৰ্বে দুই অধিনায়কৰ ফটোশ্বুট

আজি অনুষ্ঠিত হ’ব আই পি এলৰ ১৭তম সংস্কৰণৰ ফাইনেল। চেন্নাইৰ চেপকত অনুষ্ঠিত হ’বলগীয়া আজিৰ ফাইনেলত অৱতীৰ্ণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। খিতাপ যুঁজত কোনে মাৰিব শেষ হাঁহি, সেয়া জানিবলৈ পৰম উৎসুকতাৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীসকলে। দুয়োটা শক্তিশালী দলৰ মাজত এখন ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে অনুৰাগীসকলে।

monjit-dutta
Monjit Dutta | Published: 26 May 2024 13:07 PM
আজি অনুষ্ঠিত হ’বলগীয়া ফাইনেলত অৱতীৰ্ণ হ’বলগীয়া দুই দল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়কদ্বয় ক্ৰমে শ্ৰেয়স আয়াৰ আৰু পেট কামিন্সে আই পি এলৰ ট্ৰফীৰ সৈতে এইদৰে পজ দিয়া দেখা গৈছে।

1 / 5
লীগ পৰ্যায়ত দুয়োটা দলে চমকপ্ৰদ প্ৰদৰ্শনেৰে পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানৰ দল হিচাপে প্লে’ অফত প্ৰৱেশ কৰিছে। গতিকে দুয়োটা দুয়োটা শক্তিশালী দলৰ মাজত এখন ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে অনুৰাগীসকলে।

2 / 5
আই পি এলৰ ইতিহাসত কলকাতা নাইট ৰাইডাৰ্ছে ২০১২ আৰু ২০১৪ চনত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০১৬ চনত খিতাপ দখল কৰিছিল।

3 / 5
লক্ষণীয়ভাৱে এইবাৰ প্ৰথম কোৱালিফায়াৰত কলকাতাই হায়দৰাবাদক পৰাস্ত কৰিয়েই ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পিছত হায়দৰাবাদে দ্বিতীয় কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ফাইনেলত উপনীত হয়।

4 / 5
এইপৰ্যন্ত তিনিবাৰকৈ আই পি এল ফাইনেল খেলাৰ অভিজ্ঞতাৰে পুষ্ট কলকাতা নাইট ৰাইডাৰ্ছে চতুৰ্থবাৰৰ বাবে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে হায়দৰাবাদৰ বাবে এয়া মাত্ৰ দ্বিতীয়খন ফাইনেল হ’ব।

5 / 5
Latest Stories