26 Mar 2025 20:33 PM
আজি গুৱাহাটীত অনুষ্ঠিত হৈছে আই পি এল ২০২৫ ৰ মেচ। RR আৰু KKR ৰ মাজত অনুষ্ঠিত হৈছে এই খেল। টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত কৰে KKR য়ে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে কৰে বেটিং।
ৰাজস্থান ৰয়েলছৰ প্ৰথমটো উইকেট হেৰুৱাই বৈভৱ অৰোৰাৰ হাতত। অৰোৰাই সঞ্জু চেমছনক আউট কৰে। চেমছনে ১১টা বলত ১৩ ৰান সংগ্ৰহ কৰে। তাৰ পাছতে আহে ৰিয়ান পৰাগ।
ৰিয়ান পৰাগৰ আৰম্ভণি ভাল দেখা যায়। ৬ কোবায় ৰিয়ানে খেলৰ আৰম্ভণি কৰে যদিও মাত্ৰ ২৫ ৰান কৰিয়েই আউট হ'বলগীয়া হয়। ১৫ টা বলত ২৫ ৰান কৰে ৰিয়ানে। বৰুন চক্ৰৱৰ্তীয়ে আউট কৰে ৰিয়ানক।
ইতিমধ্যে ৰাজস্থান ৰয়েলছে সম্পূৰ্ণ কৰিছে ৫০ ৰান। ৰাজস্থানৰ ৬৭ স্কোৰত আউট হয় ৰিয়ান। ইয়াৰ পাছতে ৬৯ ৰানৰ স্ক’ৰত যশস্বী জয়ছোৱালৰ উইকেট হেৰুয়ায়। এটাৰ পাছত আনটো উইকেট হেৰুৱাই বিপদত আৰ আৰ।
উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলতো প্ৰদৰ্শন ভাল নাছিল। প্ৰথম খেলত ৰিয়ান পৰাগে মাত্ৰ ৪ ৰান কৰিয়ে পেভেলিয়ানলৈ ঘূৰিবলগীয়া হৈছিল। ইয়াৰ পাছতো ৰিয়ানৰ পৰা অনুৰাগীয়ে যথেষ্ঠ আশা কৰিছিল যদিও বিশেষ ভাল ফল দেখুৱাব নোৱাৰিলে।