18 May 2024 18:37 PM
১৮ মে’ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সপক্ষে এক পুৰণি ৰেকৰ্ড আছে। এই ৰেকৰ্ডলৈ লক্ষ্য কৰি এইবাৰো চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি আৰ চি বিয়ে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব বুলি আশা কৰিছে অনুৰাগীসকলে।
আৰ চি বিৰ সপক্ষে দ্বিতীয়টো কাকতলীয়া সংযোগ হৈছে, এই তাৰিখত দলটো চি এছ কেৰ হাতত কেতিয়াও পৰাস্ত হোৱা নাই৷ ২০১৩ আৰু ২০১৪ চনত ১৮ মে’ তাৰিখত চি এছ কেৰ বিৰুদ্ধে এখনকৈ মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে বাংগালুৰুৱে।
১৮ মে’ত আৰচিবিয়ে এইপৰ্যন্ত আই পি এলত ৪ খন মেচত অৱতীৰ্ণ হৈছে আৰু চাৰিওখন মেচতে জয়লাভ কৰিছে। এই দিনটোত আৰচিবিয়ে হায়দৰাবাদ, পঞ্জাৱৰ লগতে চেন্নাইকো পৰাস্ত কৰিছে।
আৰচিবিৰ মূল তাৰকা বিৰাট কোহলীৰো এই দিনটোৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। আই পি এলত ১৮ মে’ত আৰ চি বিৰ হৈ ৩টা ইনিংছ খেলি ২টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰিছে কোহলীয়ে।
ইয়াৰ বিপৰীতে ১৮ মে’ত চেন্নাই ছুপাৰ কিংছৰ অভিলেখ ভাল নহয়৷ এই তাৰিখত দলটোৱে ৫ খন আই পি এল মেচ খেলিছে। ইয়াৰে মাত্ৰ এখনত জয়ী আৰু ৪ খন পৰাস্ত হৈছে দলটো।