শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীত IPL মেচঃ ছাত্ৰ-ছাত্ৰীয়ে কেতিয়া লাভ কৰিব ৰেহাই মূল্যত টিকট? জানক সবিশেষ…

IPL ticket for guwahati match: এইবাৰ গুৱাহাটীত দুখনকৈ আই পি এলৰ মেচ অনুষ্ঠিত হ'ব। এই খেল উপভোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে পাব বিশেষ ৰেহায়। মাত্ৰ ৫০০ টকাতে লাভ কৰিব টিকট।

barasha-sarma
Barasha Sarma | Published: 16 Mar 2025 18:07 PM
মাজত মাত্ৰ কেইটামান দিন। ক্ৰিকেট অনুৰাগীসকলে অধীৰ আগ্ৰহৰে বাট চাই আছে আই পি এল (IPL) ২০২৫ ৰ বাবে। ইতিমধ্যে কেইবাখনো মেচৰ বাবে টিকট মুকলি কৰিছে আই পি এল কৰ্তৃপক্ষই।

1 / 5
আই পি এল ২০২৫ ৰ ২ খনকৈ মেচ গুৱাহাটীত অনুষ্ঠিত হব'। ইয়াৰে ২৬ মাৰ্চত আছে প্ৰথমখন মেচ আৰু দ্বিতীয়খন আছে ৩০ মাৰ্চত। প্ৰথমখন মেচ ৰাজস্থান ৰয়েলছ (RR) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ মাজত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ (RR) আৰু চেন্নাই চুপাৰ কিংছ (CSK)ৰ বিৰুদ্ধে।

2 / 5
ইতিমধ্যে দুয়োখন মেচৰ বাবে কেইবাটাও শ্ৰেণীৰ টিকট মুকলি কৰি দিছে আই পি এল কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত আৰু বিভিন্ন শ্ৰেণীৰ টিকট মুকলি কৰিব।  প্ৰতিবাৰৰ দৰে এইবাৰো আই পি এল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেহাই মূল্যত টিকট দিয়াৰ ব্যৱস্থা কৰিছে।

3 / 5
ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ ৫০০ টকাতে লাভ কৰিব আই পি এলৰ টিকট। অহা ১৮ মাৰ্চত ছাত্ৰ-ছাত্ৰীসকলে এই টিকট সংগ্ৰহ কৰিব পাৰিব। অৱশ্যে অনলাইন নহয়, অফলাইনৰ জৰিয়তে এই টিকট সংগ্ৰহ কৰিব পাৰিব।  অনলাইন উপলব্ধ নহয় এই টিকট।

4 / 5
উল্লেখ্য যে, মহানগৰীৰ বিশেষ স্থানৰ পৰা এই টিকট সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুষ্ঠানৰ পৰা দিয়া প্ৰমাণ-পত্ৰৰ প্ৰয়োজন হ'ব।  অৱশ্যে টিকট কাউন্টাৰৰ স্থান এতিয়াও ঘোষণা হোৱা নাই। টিকট প্ৰদানৰ এদিন পূৰ্বে স্থানৰ ঘোষণা কৰিব আই পি এল কৰ্তৃপক্ষই।

5 / 5