জন্মাষ্টমীত আপোনাৰ হাতত লগাওক বিশেষ ৰাধা-কৃষ্ণ আৰু ময়ূৰ ডিজাইনৰ মেহেন্দি | Janmashtami special lord krishna mehndi design Assam news - Assam Tv9

জন্মাষ্টমীত আপোনাৰ হাতত লগাওক বিশেষ ৰাধা-কৃষ্ণ আৰু ময়ূৰ ডিজাইনৰ মেহেন্দি

Updated On: 

23 Aug 2024 14:41 PM

এই বছৰত ২৬ আগষ্টত জন্মাষ্টমী উদযাপন কৰা হ'ব। এই দিনটো ভগৱান কৃষ্ণৰ জন্মোৎসৱ হিচাপে পালন কৰা যায়। সকলোৱে জন্মাষ্টমী অতি উৎসাহেৰে উদযাপন কৰে। এই শুভ দিনটোত আপোনাৰ হাতত কৃষ্ণৰ মেহেন্দি ডিজাইন আকিব পাৰে।

1 / 5জন্মাষ্টমীত আপুনি আপোনাৰ হাতত মেহেন্দি আকিবলৈ এই ডিজাইনৰ পৰা ধাৰণা ল'ব পাৰে। ইয়াত ভগৱান কৃষ্ণৰ এখন ছবি অংকন কৰা হৈছে। হাতত বাঁহী, মূৰত ময়ূৰৰ পাখিৰ লগতে আ-অলংকাৰো আংকন কৰা হৈছে।  আঙুলিত শ্ৰী লিখা হৈছে।

জন্মাষ্টমীত আপুনি আপোনাৰ হাতত মেহেন্দি আকিবলৈ এই ডিজাইনৰ পৰা ধাৰণা ল'ব পাৰে। ইয়াত ভগৱান কৃষ্ণৰ এখন ছবি অংকন কৰা হৈছে। হাতত বাঁহী, মূৰত ময়ূৰৰ পাখিৰ লগতে আ-অলংকাৰো আংকন কৰা হৈছে। আঙুলিত শ্ৰী লিখা হৈছে।

2 / 5

লাড্ডু গোপালৰ জন্ম জয়ন্তীত এই মেহেন্দি ডিজাইনটো উপযুক্ত হ'ব। ইয়াত দেখুওৱা হৈছে যে শ্ৰী কৃষ্ণ গৈ আছে আৰু লগতে তেওঁৰ পদচিহ্ন অংকন কৰা হৈছে। ইয়াক চাৰিওফালে অতি সুন্দৰ জালিৰ ডিজাইনেৰে সজোৱা হৈছে। লগতে ইয়াত এটা হাতীৰ ছবিও অংকন কৰা হৈছে।

3 / 5

এই মেহেন্দি ডিজাইনত শ্ৰীকৃষ্ণক শিশু কালত হাতত দৈৰ কলহ এটা ধৰি থকা দেখুওৱা হৈছে। তাৰ চাৰিওফালে কলহবোৰ ওলমি আছে। এই ডিজাইনটোও বৰ ধুনীয়া। আপুনি জন্মাষ্টমীত এই ধৰণৰ ডিজাইনৰ মেহেন্দি আকিব পাৰে।

4 / 5

মেহেন্দিৰ এই ডিজাইনটো অতি সৰল আৰু আকিবলৈ সহজ। ইয়াত ভগৱান কৃষ্ণৰ হাতত বাঁহী আৰু ময়ূৰৰ পাখি দেখুওৱা হৈছে। জন্মাষ্টমী উপলক্ষে আপুনি এনেদৰে বাঁহী, ময়ূৰৰ পাখি ষ্টাইলৰ ডিজাইনো আকিব পাৰে।

5 / 5

আপুনি মেহেন্দিৰ এই ডিজাইনৰ পৰাও ধাৰণা ল'ব পাৰে। এই ডিজাইনটোও বৰ ধুনীয়া। ইয়াত এফালে ৰাধা-কৃষ্ণৰ ছবি অংকন কৰা হৈছে। আনফালে আছে এটা ময়ূৰ। যদি আপুনি সম্পূৰ্ণ হাতৰ মেহেন্দি ল'বলৈ ভাল পায় তেন্তে এই ডিজাইনৰ পৰা ধাৰণা ল'ব পাৰে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!