অসমৰ ইতিহাসৰ এটি সোণালী দিন! চাওক 'ঝুমইৰ বিনন্দিনী'ৰ বিশেষ ফটো... | Jhumoir Binandini assam 9000 dancer participate see photo assam Assam news - Assam Tv9

অসমৰ ইতিহাসৰ এটি সোণালী দিন! চাওক ‘ঝুমইৰ বিনন্দিনী’ৰ বিশেষ ফটো…

Published: 

24 Feb 2025 22:15 PM

Jhumoir Binandini: আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানে ৰচিলে অভিলেখ। এই অনুষ্ঠানত ৯০০০ ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰে ঝুমুৰ নৃত্য।

1 / 5অসমবাসীৰ বাবে আজি এক গৌৰৱৰ ক্ষণ! ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানত ৯০০০ ৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰি ৰচিলে বিশ্ব অভিলেখ। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিভিন্নখন দেশৰ ৬০ ৰো অধিক ৰাষ্ট্ৰদূতৰ লগতে নেতা-মন্ত্ৰী আৰু সাধাৰণ জনতা উপস্থিত থাকে।

অসমবাসীৰ বাবে আজি এক গৌৰৱৰ ক্ষণ! ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানত ৯০০০ ৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰি ৰচিলে বিশ্ব অভিলেখ। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিভিন্নখন দেশৰ ৬০ ৰো অধিক ৰাষ্ট্ৰদূতৰ লগতে নেতা-মন্ত্ৰী আৰু সাধাৰণ জনতা উপস্থিত থাকে।

2 / 5

অনুষ্ঠানত অংশ গ্ৰহণ কৰি মোদীয়ে এই পদক্ষেপৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। লগতে কয় যে,চাহ বাগিচাৰ লোকৰ সৈতে তেওঁৰ এক বিশেষ সম্পৰ্ক আছে। আগন্তুক সময়ত চাহ জনগোষ্ঠীৰ বিকাশে অসমৰ বিকাশত বিশেষ গতি প্ৰদান কৰিব বুলি মোদীয়ে কয়।

3 / 5

আজি মোদীয়ে অসমীয়াতে ভাষণৰ আৰম্ভণি কৰে। পৰৱৰ্তী সময়ত তেওঁৰ ভাষণত চাহ জনগোষ্ঠী তথা আদিবাসীলোক, কাজিৰঙা, চৰাইদেউ মৈদাম, লাচিত বৰফুকন আদি বিষয়েও স্থান লাভ কৰে। লগতে আদিবাসীসকলৰ বিকাশৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে তেওঁ।

4 / 5

অনুষ্ঠানৰ অন্তত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে- আমাৰ ৰাজ্যৰ সমৃদ্ধ ঐতিহ্য আৰু সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্রত ব্যক্তিগতভাৱে তেখেতে আগবঢ়োৱা আগ্রহ আৰু দায়বদ্ধতাৰ বাবে অসমবাসী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী ডাঙৰীয়াৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ।

5 / 5

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰা শিল্পীসকলক অসম চৰকাৰে ২৫,০০০ কৈ টকা প্ৰদান কৰিব। এই অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰে।ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...