গ্ৰাহকলৈ নৱবৰ্ষৰ উপহাৰ জিঅ’ৰঃ আগবঢ়াইছে এই ২১৫০ টকাৰ উপহাৰ; কিদৰে পাব সুবিধা, চাওক… | Jio New Year Offer 2025 with Jio 2025 Plan give benefits worth Rs2150 to users Assam news - Assam Tv9

গ্ৰাহকলৈ নৱবৰ্ষৰ উপহাৰ জিঅ’ৰঃ আগবঢ়াইছে এই ২১৫০ টকাৰ উপহাৰ; কিদৰে পাব সুবিধা, চাওক…

Published: 

27 Dec 2024 16:49 PM

নৱবৰ্ষৰ প্ৰাকক্ষণত নিজ গ্ৰাহকসকললৈ উপহাৰ আগবঢ়াইছে টেলিকম কোম্পানী জিঅ’ই। কোম্পানীটোৰ গ্ৰাহকসকলে নৱবৰ্ষত অন্যান্য মোবাইল সেৱাৰ লগতে ভ্ৰমণ, অনলাইনত বজাৰ আৰু খাদ্যৰ অৰ্ডাৰ দিয়াৰ সময়ত জিঅ’ৰ পৰা আকৰ্ষণীয় উপহাৰ লাভ কৰিব। এই উপহাৰৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকসকলে ২০২৫ টকা খৰচ কৰিব লাগিব। এই বিষয়ে চাওঁ আহক।

1 / 5নৱবৰ্ষৰ আগমনৰ সময়ত গ্ৰাহকক আকৃষ্ট কৰাৰ বাবে টেলিকম কোম্পানীসমূহে বিভিন্ন ধৰণৰ আকৰ্ষণীয় সুবিধা আগবঢ়ায়। মূলতঃ ৰিচাৰ্জ প্লেনৰ জৰিয়তে এই সুবিধাসমূহ লাভ কৰে গ্ৰাহকসকলে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। প্ৰায় প্ৰতিটো টেলিকম কোম্পানীয়েই গ্ৰাহকলৈ নতুন বছৰটিৰ আগমন উপলক্ষে বহু অফাৰ আগবঢ়াইছে।

নৱবৰ্ষৰ আগমনৰ সময়ত গ্ৰাহকক আকৃষ্ট কৰাৰ বাবে টেলিকম কোম্পানীসমূহে বিভিন্ন ধৰণৰ আকৰ্ষণীয় সুবিধা আগবঢ়ায়। মূলতঃ ৰিচাৰ্জ প্লেনৰ জৰিয়তে এই সুবিধাসমূহ লাভ কৰে গ্ৰাহকসকলে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। প্ৰায় প্ৰতিটো টেলিকম কোম্পানীয়েই গ্ৰাহকলৈ নতুন বছৰটিৰ আগমন উপলক্ষে বহু অফাৰ আগবঢ়াইছে।

2 / 5

প্ৰতি বছৰৰ দৰে এইবাৰো ২০২৫ টকাৰ পৰিকল্পনাৰে জিঅ’ই আগবঢ়াইছে নতুন বছৰৰ উপহাৰ। এই ৰিচাৰ্জ প্লেনৰ সৈতে ২১৫০ টকাৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে। এই ২০০ দিনৰ বৈধতা সম্পন্ন প্লেনত ২.৫ জিবি হাই স্পীড ডাটা আৰু প্ৰতিদিনে আনলিমিটেড ভইচ কলিং আছে। ২০২৫ টকাৰ এই পৰিকল্পনাৰ সৈতে দিয়া হৈছে।

3 / 5

ইয়াৰ উপৰিও এই প্লেনত ভ্ৰমণ, বজাৰ আৰু খাদ্য কুপন ৰেহাইৰ ভাউচাৰ দিয়া হ’ব। ২০২৫ টকাৰ প্লেন ক্ৰয় কৰাৰ লগে লগে আপুনি ৰিলায়েন্স জিঅ’ৰ পৰা EasemyTrip ভাউচাৰ লাভ কৰিব। বিমানৰ টিকট বুকিঙৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব এই ভাউচাৰ। এই ভাউচাৰৰ জৰিয়তে আপুনি বিমান বুকিঙৰ সময়ত ১৫০০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব।

4 / 5

Ajio ৰ পৰা কাপোৰ ক্ৰয় কৰাৰ সময়ত নূন্যতম ২৯৯৯ টকা বজাৰ কৰিলে এই প্লেনৰ সহায়ত ৫০০ টকা ৰেহাই পাব। ইয়াৰ উপৰিও এই প্লেনৰ জৰিয়তে ছুইগীৰ ১৫০ টকাৰ ভাউচাৰ লাভ কৰিব। এই ভাউচাৰ ছুইগীত ৰিডিম কৰি আপুনি ১৫০ টকাৰ ৰেহাই লাভ কৰিব পাৰিব।

5 / 5

জিঅ’ৰ এই বিশেষ উপহাৰ ভিত্তিক ২০২৫ টকাৰ প্লেনৰ সুবিধা গ্ৰাহকসকলে আগন্তুক বৰ্ষৰ ১১ জানুৱাৰীলৈকে লাভ কৰিব। অৰ্থাৎ ১১ জানুৱাৰীলৈকে ২০২৫ টকাৰ প্ৰিপেইড প্লেনেৰে ৰিচাৰ্জ কৰিলে ২১৫০ টকাৰ এই সুবিধা লাভ কৰিব গ্ৰাহকসকলে।

আপুনি লক্ষ্য কৰিছিল নে ? মনমোহন সিঙে সদায় নীলা পাগুৰি পৰিধান কৰাৰ কাৰণ কি ?
মেলবৰ্ণত শতক অৰ্জনেৰে ধনাঢ্য হ’ল নীতিশ কুমাৰ ৰেড্ডী, শতকৰ বাবে লাভ কৰিব ইমান ধন
পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!