09 Jan 2025 20:53 PM
পদূলিমুখত হেঁপাহৰ ভোগালী। উৰুকালৈ সাজু হৈছে চহা অসমীয়া। এতিয়া সকলোতে বিহুক আদৰাৰ প্ৰস্তুতি। চৌদিশে চলিছে ভেলাঘৰ নিৰ্মাণৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা।
গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে।
ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। বহু ঠাইত মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়।
এই মেজিৰ জুইতে বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা আছে। পানী হিলৈ হৈছে পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুইত আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।
ইয়াৰোপৰি, পুৱা মেজিত মাহকৰাই উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ অনা হয় আৰু সেইবোৰ আম-কঁঠাল, তামোল আদি গুটি লগা গছত ছটিয়াই দিয়ে। উল্লেখ্য যে, মাঘ বিহুত বিভিন্ন লোকবিশ্বাস জডিত আছে, লগতে সেইবোৰক পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে।