Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ | kati bihu celebrated in assam Sarbananda Sonowal Atul Bora Ranjeet Kumar Dass Assam news - Assam Tv9

Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ

Published: 

17 Oct 2024 19:39 PM

চহা জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসীৰ তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে কৰে অসমীয়াই।পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তত পালন কৰা হৈছে কাতি বিহু। ৰাইজৰ সৈতে শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে মন্ত্ৰী-বিধায়কে প্ৰজ্জ্বলন কৰিলে আকাশ বন্তি।

1 / 5ডিব্ৰুগড়ত

ডিব্ৰুগড়ত কাতি বিহু পালন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানৰ অংশ হিচাপে খেতিপথাৰত আকাশবন্তি প্ৰজ্বলন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

2 / 5

কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী বৰুৱা পুখুৰীৰ পাৰত অসম কৃষক পৰিষদ, কলিয়াবৰ বিধান পৰিষদৰ উদ্যোগত আৰু পূৱ পূৱথৰীয়া আঞ্চলিকৰ সহযোগত ৰাইজৰ সৈতে কাতি বিহু উদযাপন কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানৰ অংশ হিচাপে খেতিপথাৰত আকাশবন্তি প্ৰজ্বলন।

3 / 5

বোকাখাতৰ আহুগাঁও-যোগীগাঁও পথাৰত কৃষক ৰাইজৰ সৈতে ধাননিত চাকি আৰু আকাশ বন্তি প্ৰজ্বলন কৰিলে মন্ত্ৰী অতুল বৰাই

4 / 5

বজালীৰ ৰায়পুৰ গাঁৱত গঞা ৰাইজৰ সহায়-সহযোগতধাননি পথাৰত বন্তি প্ৰজ্বলন কৰি অসমবাসী ৰাইজৰ পথাৰ সমূহ শস্য-শ্যামলা হোৱাৰ কামনা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

5 / 5

কাতি বিহু উপলক্ষে কন্যকাৰ পৰিয়ালৰ লগত তুলসীৰ তলত সেৱা ল'লে বিধায়ক পদ্ম হাজৰিকাই।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
Assam Train Accident: ৰাজ্যত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত! লাইনচ্যুত ইঞ্জিনসহ ৮টাকৈ দবা
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম