ইয়াত এখন গাঁও আছিল! বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ, চকু সেমেকি যোৱা কেইখনমান ছবি | kerala landslide many people lost lives waynad Assam news - Assam Tv9

ইয়াত এখন গাঁও আছিল! বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ, চকু সেমেকি যোৱা কেইখনমান ছবি

Published: 

01 Aug 2024 08:32 AM

বান- গৰাখহনীয়াত উটি গৈছে মানুহ, গছ- গছনি, ঘৰ-দুৱাৰ,জীৱ-জন্তু আদি সকলো। বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ লগাইছে একাংশই। বায়নাডৰ এই ধ্বংসলীলাই চকু সেমেকাইছে দেশবাসীৰ।

1 / 5কেৰালা

কেৰালা বায়নাডত বানপানী আৰু ভূমিস্খলনে অতি ভয়ংকৰ ৰূপ লৈছে। সকলোফালে কেৱল প্ৰকৃতিৰ ধ্বংসলীলা। বৰ্তমানলৈকে ২৫৪ জনলোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ ৰো অধিক নিৰুদ্দেশ হৈ আছে। এখনৰ পাছত আনখন গাঁও জাহ গৈছে প্ৰকৃতিৰ বুকুত।

2 / 5

একাংশ স্থানীয়লোকে কয় যে, আমাৰ ওচৰত এতিয়া আৰু একো নাই। সকলো ধ্বংস হৈ গ'ল। এনে লাগিছে মুণ্ডাক্কই এতিয়া বায়নাডৰ নক্সাৰ পৰা মচ খাই গ'ল। বোকা আৰু শিলৰ বাহিৰে ইয়াত আৰু এতিয়া একোৱেই নাই।

3 / 5

বেচৰকাৰী তথ্য অনুসৰি মুণ্ডাক্কাই চহৰত প্ৰায় ৪৫০ৰ পৰা ৫০০ ঘৰ আছিল। কিন্তু এতিয়া এই ক্ষেত্ৰত বাকী আছে মাত্ৰ ৩৪-৪৯। য’ত মহিলা আৰু শিশুকে ধৰি বহু লোকৰ মৃত্যু হৈছে।

4 / 5

সেনা, এন ডি আৰ এফ আৰু আৰক্ষীয়ে এতিয়ালৈকে হাজাৰ হাজাৰতকৈ অধিক লোকক উদ্ধাৰ কৰিছে। ইয়াৰ উপৰিও ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযানতো নিয়োজিত হৈ আছে।

5 / 5

এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে সকলো ধ্বংস কৰি থৈ গ'ল। কিমানে আপোনজনক হেৰুৱালে হিচাপ নাই। বান- গৰাখহনীয়াত উটি গৈছে মানুহ, গছ- গছনি, ঘৰ-দুৱাৰ,জীৱ-জন্তু আদি সকলো। বোকাৰ মাজত আপোনজনক বিচাৰি হাহাকাৰ লগাইছে একাংশই। বায়নাডৰ এই ধ্বংসলীলাই চকু সেমেকাইছে দেশবাসীৰ।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...