Rafael Nadal Retirement: টেনিছৰ পৰা অৱসৰ ল'লে ৰাফেল নাডালে, অন্তিম খেলতো ৰচনা কৰিলে এইদৰে ইতিহাস | king of clay 22 grand slam winner rafael nadal retirement from tennis after creating history in davis cup spain lost Assam news - Assam Tv9

Rafael Nadal Retirement: টেনিছৰ পৰা অৱসৰ ল’লে ৰাফেল নাডালে, অন্তিম খেলতো ৰচনা কৰিলে এইদৰে ইতিহাস

Published: 

20 Nov 2024 13:35 PM

স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডালে অৱসৰ গ্ৰহণ কৰিছে। নাডালে ২ দশকজুৰি কেৰিয়াৰত ২২টা গ্ৰেণ্ড শ্লাম খিতাপ লাভ কৰে, ইয়াৰে ১৪টা গ্ৰেণ্ড শ্লাম খিতাপ কেৱল ফ্ৰেঞ্চ অ’পেনৰ ৰূপতহে। তেওঁ অষ্ট্ৰেলিয়ান অ’পেন আৰু ইউ এছ অ’পেনত ২ বাৰকৈ আৰু উইম্বলডনত ৪ বাৰকৈ জয়লাভ কৰিছে। নাডালৰ নামত ডেভিছ কাপৰ ৪টা খিতাপও আছে।

1 / 5কোৱাৰ্টাৰ

কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ হাতত পৰাজয়ৰ পিছত ডেভিছ কাপত স্পেইনৰ যাত্ৰাৰ অন্ত পৰাই নহয়, টেনিছৰ মহান খেলুৱৈ ৰাফেল নাডালৰ কেৰিয়াৰৰ অন্ত পৰিল। দুটা দশক ধৰি বিশ্ব টেনিছত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ পাছত নাডালে চকুলো টুকি খেলৰ পৰা বিদায় ল’লে।

2 / 5

ডেভিছ কাপৰ প্ৰথমখন মেচত নাডালে স্পেইনক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ পোনপটীয়া ছেটত ৬-৪, ৬-৪ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ লগে লগে টেনিছ এৰি যোৱাৰ পিছতো নাডালে ইতিহাসৰ সৃষ্টি কৰিলে। এই খেলখনত ডেভিছ কাপত প্ৰথম আৰু শেষৰখন খেলত পৰাস্ত হোৱা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ। ইয়াৰ বাহিৰেও ইয়াৰ মাজৰ সকলো মেচতে জয়লাভ কৰিছিল। ২০০৪ চনত খেলা প্ৰথমখন ডেভিছ কাপৰ মেচতো নাডালে পৰাস্ত হৈছিল।

3 / 5

ৰাফেল নাডালৰ টেনিছ কেৰিয়াৰ বহু ঐতিহাসিক অভিলেখৰ সাক্ষী হৈ আহিছে। তেওঁৰ নামত ২২ খন গ্ৰেণ্ড শ্লেম আছে। ইমানবোৰ গ্ৰেণ্ড শ্লেম জয় কৰা তেওঁ দ্বিতীয়জন টেনিছ তাৰকা। টেনিছত বহু তাৰকা আহিছে, মেডেল জিলিকিছে আৰু গৈছিল, কিন্তু কেৱল নাডালেহে কিং অৱ ক্লেৰ টেগ পাইছে। কাৰণ তেওঁৰ ২২টা গ্ৰেণ্ড শ্লেমৰ ভিতৰত তেওঁ সৰ্বাধিক ১৪ বাৰ ফ্ৰেন্স অ’পেনৰ খিতাপ দখল কৰিছে।

4 / 5

শৈশৱ কালৰেপৰা বৃত্তিগত কেৰিয়াৰৰ অধিকাংশ কাল ৰাফেল নাডালে খুড়াক টনি নাডালৰপৰা প্ৰশিক্ষণ লাভ কৰিছিল। ১৯ বছৰ বয়সতে ফ্ৰেন্স অপেন আৰু এটিপি মাষ্টাৰ্ছ শাখায় ১৬টা খিতাপ জয়ৰ লগতে বিশ্ব ৰেংকিংৰ দ্বিতীয় স্থান দখলেৰে এটিপিৰ ইতিহাসত তেওঁ সবাতোকৈ সফল কিশোৰ খেলুৱৈৰ ভিতৰত অন্যতম।

5 / 5

২০০৮ চনত ৰ'জাৰ ফেডেৰাৰক ক্লে' কোৰ্টত পৰাজিত কৰি নাডালে প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিংৰ শীৰ্ষস্থান দখল কৰিছিল। একে বছৰতে তেওঁ গ্ৰীষ্মকালীন অলিম্পিকৰ স্বৰ্ণপদকো জয় কৰে। ২০১০ চনৰ ইউ এছ অপেন খিতাপ জয়ৰ যোগেদি তেওঁ কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰে। অলিম্পিকৰ স্বৰ্ণ জয় কৰাৰ পিছতেই তেওঁ কেৰিয়াৰ গ'ল্ডেন শ্লাম সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰে।

শীতকালত মুখত লগাওক নাৰিকল তেল, আছে একাধিক লাভালাভ!
হাতৰ কোনটো আঙুলিত আৰু কিয় কাছৰ আঙুঠি পিন্ধিব নালাগে
কি সমস্যা থাকিলে খাব নালাগে গাখীৰ? জানক সবিশেষ...
ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...