যদি হয় যুদ্ধ, কিমানদিন টিকিব পাকিস্তান! চাওঁ আহক দুয়ো দেশৰ সৈন্য তথা অস্ত্ৰৰ শক্তি | Know about military strength of India and Pakistan, see who is more powerful Assam news - Assam Tv9

যদি হয় যুদ্ধ, কিমানদিন টিকিব পাকিস্তান! চাওঁ আহক দুয়ো দেশৰ সৈন্য তথা অস্ত্ৰৰ শক্তি

Updated On: 

26 Apr 2025 17:18 PM

কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক কেন্দ্ৰ কৰি ভাৰত-পাকিস্তানৰ মাজত শীতল সংঘাতে দেখা দিছে। পিছে যদি কেনেবাকৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হয়, দুয়ো দেশৰ সামৰিক শক্তিৰ দিশত কোন দেশ অধিক শক্তিশালী, সেয়া স্বাভাৱিকতেই বিচাৰ্য বিষয়।

1 / 6পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি শেহতীয়া কিছুদিন ধৰি ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হৈছে সংঘাতময় পৰিস্থিতিৰ। এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ প্ৰতিশোধৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীল’ নীতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পিছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যদি কেনেবাকৈ দুয়ো দেশৰ মাজত যুদ্ধ হয়, দেশ দুখনৰ সামৰিক শক্তিৰ বিচাৰ নিশ্চয় হ’ব। চাওঁ আহক এই দিশত কোন দেশ অধিক শক্তিশালী।

পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি শেহতীয়া কিছুদিন ধৰি ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হৈছে সংঘাতময় পৰিস্থিতিৰ। এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ প্ৰতিশোধৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীল’ নীতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পিছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যদি কেনেবাকৈ দুয়ো দেশৰ মাজত যুদ্ধ হয়, দেশ দুখনৰ সামৰিক শক্তিৰ বিচাৰ নিশ্চয় হ’ব। চাওঁ আহক এই দিশত কোন দেশ অধিক শক্তিশালী।

2 / 6

গ্ল’বেল ফায়াৰপাৱাৰ ৰিপ’ৰ্ট ২০২৫ অনুসৰি সামৰিক শক্তিৰ ক্ষেত্ৰত সৰ্বাধিক ক্ষমতা থকা দেশৰ তালিকাত ভাৰতৰ স্থান চতুৰ্থ। এইক্ষেত্ৰত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে স্থান দখল কৰিছে ভাৰতে। আনহাতে এই তালিকাৰ শীৰ্ষ ১০ ৰ ভিতৰতো নাই পাকিস্তান। দেশখন আছে সামৰিক শক্তিৰ তালিকাৰ ১২ নং স্থানত।

3 / 6

বৰ্তমান ভাৰতত ১৪ লাখ জোৱান আছে। আনহাতে পাকিস্তানী সৈন্যৰ মুঠ সংখ্যা ভাৰতৰ আধাও নহয়, মাত্ৰ ৬ লাখ ৫৪ হাজাৰ। আটাইতকৈ বেয়া পৰিস্থিতিত ভাৰতে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ ৩৭ দিন যুঁজিব পাৰে। আনহাতে সৰ্বাধিক ১৭ দিন যুদ্ধ কৰিব পাৰে পাকিস্তানে।

4 / 6

ভাৰতৰ হাতত আছে ৪২০১খন টেংক, ১৪৮,৫৯৪খন বাহন, ১০০ টা স্বয়ংচালিত আৰ্টিলাৰী, ৩,৯৭৫ টা ট’ড আৰ্টিলাৰী আৰু ২৬৪ এম এল আৰ এছ ৰকেট আৰ্টিলাৰী। ইয়াৰ বিপৰীতে পাকিস্তানৰ হাতত আছে ২৬২৭ খন টেংক, ১৭,৫১৬খন বাহন, ৬৬২ স্বয়ংচালিত আৰ্টিলাৰী, ২,৬২৯ টা ট’ড আৰ্টিলাৰী, ৬০০ এম এল আৰ এছ ৰকেট আৰ্টিলাৰী।

5 / 6

ভাৰতীয় বায়ুসেনাৰ মুঠ ২,২২৯খন বিমান আছে। ইয়াৰে ৫১৩খন যুদ্ধ বিমান। লগতে ৮৯৯খন হেলিকপ্টাৰ। ৮০খন এটেকিং হেলিকপ্টাৰ। পাকিস্তান বায়ুসেনাৰ মুঠ ১,৩৯৯খন যুদ্ধ বিমান আছে। ইয়াৰে ৩২৮খন যুদ্ধ বিমান। ৩৭৩খন হেলিকপ্টাৰ। ৫৭খন এটেকিং হেলিকপ্টাৰ।

6 / 6

ভাৰতৰ হাতত আছে ২৯৩ খন সক্ৰিয় নৌসেনাৰ জাহাজ। ইয়াৰ বিপৰীতে পাকিস্তানত ১২১খন সক্ৰিয় নৌসেনা জাহাজ আছে। ইফালে ভাৰতৰ ১৮ খন চাবমেৰিনৰ বিপৰীতে ৩ খন পাৰমাণৱিক চাবমেৰিন আছে। আনহাতে পাকিস্তানৰ ৮ খন চাবমেৰিন যদিও দেশখনৰ কোনো পাৰমাণৱিক চাবমেৰিন নাই।

ঘৰত থকা তুলসী গছৰ পাত ক'লা পৰিছে নেকি? শুভ নে অশুভ তুলসীৰ এই পৰিৱৰ্তন!
Dimpu Baruah: বলীউডৰ চিনেমাত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'
আই পি এল ২০২৫ত কোন দলে পাৱাৰ প্লে’ত কোবাইছে কম সংখ্যক ছয়, জানিলে হ’ব আচৰিত...
Watermelon Seeds: ভুলতে তৰমুজৰ গুটি খালে পেটৰ ভিতৰত কি হয়?