ভাৰতত কিয় +৯১ ৰে আৰম্ভ হয় মোবাইল নম্বৰ! জানেনে এই বিষয়ে? | Know why phone numbers starts with +91 in India, who gave this country code Assam news - Assam Tv9

ভাৰতত কিয় +৯১ ৰে আৰম্ভ হয় মোবাইল নম্বৰ! জানেনে এই বিষয়ে?

Published: 

02 Feb 2025 20:56 PM

আমি যেতিয়া কোনো লোকলৈ ফোন লগাওঁ বা কোনো লোকৰ পৰা যেতিয়া ফোন আহে, তেতিয়া নম্বৰৰ সমুখ ভাগত +৯১ থকা নিশ্চয় মন কৰিছে। ভাৰতীয় মোবাইল নম্বৰ +৯১ৰে আৰম্ভ হোৱাৰ আঁৰত এক বিশেষ কাৰণ আাছে। এই বিষয়ে জানো আহক।

1 / 5মোবাইল নম্বৰৰ আগত এই +৯১ সংখ্যাকেইটা কিয় থাকে, সেই লৈ আপোনাৰ মনতো নিশ্চয় কেতিয়াবা চিন্তা মনলৈ আহিছে। অৱশ্যে সদায়ে দেখি থকাৰ বাবে আপুনি হয়তো এই বিষয়ে বিশেষ চিন্তা নকৰাকৈও থাকিব পাৰে।

মোবাইল নম্বৰৰ আগত এই +৯১ সংখ্যাকেইটা কিয় থাকে, সেই লৈ আপোনাৰ মনতো নিশ্চয় কেতিয়াবা চিন্তা মনলৈ আহিছে। অৱশ্যে সদায়ে দেখি থকাৰ বাবে আপুনি হয়তো এই বিষয়ে বিশেষ চিন্তা নকৰাকৈও থাকিব পাৰে।

2 / 5

প্ৰকৃততে এই +৯১ সংখ্যা হৈছে ভাৰতৰ দেশীয় ক'ড। ভাৰতে এই ক'ড লাভ কৰাৰ এক বিশেষ কাৰণ আছে। ভাৰতক এই ক’ড প্ৰদান কৰিছে এক বিশেষ সংস্থাই। এই সংস্থাৰ নাম ইণ্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন।

3 / 5

এই ইণ্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন (ITU) হৈছে ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। এই সংস্থাটোৱেই পৃথিৱীৰ প্ৰতিখন দেশলৈ এক ক’ড প্ৰদান কৰে। ITU-এ বিশ্বক ৯টা জ’নত বিভক্ত কৰিছে।

4 / 5

এই ৯টা অঞ্চলৰ ভিতৰত দক্ষিণ, মধ্য, পশ্চিম, আৰু মধ্যপ্ৰাচ্য এছিয়া অন্যতম। এই ৯টা অঞ্চলত পৰা সকলো দেশৰ কলিং ক’ড +৯ৰ পৰা আৰম্ভ হয়। যেনে ভাৰতৰ +৯১, পাকিস্তানৰ +৯২, আৰু আফগানিস্তানৰ +৯৩।

5 / 5

ইণ্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়নে এখন দেশৰ বাবে ক’ড নিৰ্ধাৰণ কৰাৰ পূৰ্বে দেশখনৰ জনসংখ্যাৰ লগতে আন বহুতো কাৰক পৰীক্ষা কৰে। আপুনি যেতিয়া আপোনালৈ ফোন অহা নম্বৰৰ আগত +৯১ সংখ্যা থকা দেখা পাব, এই নম্বৰ ভাৰতৰ বুলি নিশ্চিত হ’ব পাৰিব।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া