নেৱেলছ্ অল্ড বয়জ ক্লাৱত অংকুৰিত হৈছিল ভৱিষ্যতৰ এক সোণালী ইতিহাসৰ।
এক স্বৰ্ণিল ইতিহাসৰ বীজ ৰোপন: ২০০৪ চনৰ ১৬ অক্টোবৰত বাৰ্চিলোনাৰ মূল দলৰ হৈ অভিষেক মেছিৰ।
২০০৯ চনত কেৰিয়াৰৰ প্ৰথমটো বেল’ন ডি অ’ৰ সন্মান লাভ কৰিছিল মেছিয়ে।
২০১৪ ৰ ব্ৰাজিল বিশ্বকাপৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে পৰাস্ত হৈ শোকত ভাগি পৰা মেছি।
আৰ্জেণ্টাইন ফুটবলৰ নৱজাগৰণৰ প্ৰাথমিক ক্ষণ: ২০০৫ চনৰ ১৭ আগষ্টত হাংগেৰীৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ হৈ অভিষেক ঘটায় মেছিয়ে।
কত দিনৰ অপেক্ষা এয়া! কেৰিয়াৰৰ প্ৰথমটো আন্ত: ৰাষ্ট্ৰীয় খিতাপৰ ৰূপত কোপা আমেৰিকা ট্ৰফীত আকাংক্ষিত চুম্বন।
বাৰ্চিলোনাৰ জাৰ্চী পৰিধান কৰি অন্তিম মেচত ভাগ লৈ আবেগ বিহ্বল হৈ পৰাৰ মুহূৰ্তত মেছি।
ইউৰো চেম্পিয়ন ইটালীক পৰাস্ত কৰি মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই তুলি লৈছিল ফাইনেলিছিমা ২০২২।
অপেক্ষাৰ অৱসান! বিশ্বৰ অলেখ অযুত ফুটবল প্ৰেমীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই, নিজ কেৰিয়াৰক সম্পূৰ্ণ কৰি ২০২২ চনৰ ১৮ ডিচেম্বৰত কাটাৰত পৰম আকাংক্ষিত বিশ্বকাপ ট্ৰফীত চুম্বন আঁকিছিল বিশ্ব ফুটবলৰ মহানায়কগৰাকীয়ে।