গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী! ৩১ ডিচেম্বৰত কিমান ৰাজহ সংগ্ৰহ কৰিলে আবকাৰী বিভাগে? | liquor sale in guwahati approx 6 crores on new year celebration Assam news - Assam Tv9

গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী! ৩১ ডিচেম্বৰত কিমান ৰাজহ সংগ্ৰহ কৰিলে আবকাৰী বিভাগে?

Updated On: 

02 Jan 2025 16:16 PM

প্ৰতিবছৰে নৱবৰ্ষ উপলক্ষে গুৱাহাটীত সুৰাপায়ীয়ে অভিলেখ গঢ়া দেখা যায়। কিন্তু এইবাৰ আহিল অনাকাংশিত খবৰটো। গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী।

1 / 5গুৱাহাটীবাসীয়ে ধুমধামেৰে উদযাপন কৰিলে নৱবৰ্ষ। কিন্তু ইয়াৰ পাছতে আহিল এটা অনাকাংশিত খবৰ। গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী।

গুৱাহাটীবাসীয়ে ধুমধামেৰে উদযাপন কৰিলে নৱবৰ্ষ। কিন্তু ইয়াৰ পাছতে আহিল এটা অনাকাংশিত খবৰ। গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী।

2 / 5

প্ৰতিবছৰে নৱবৰ্ষ উপলক্ষে গুৱাহাটীত সুৰাপায়ীয়ে অভিলেখ গঢ়া দেখা যায়। ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰত গুৱাহাটীত প্রায় ৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

3 / 5

এইবাৰ ৩১ ডিচেম্বৰত গুৱাহাটীত বিক্রী হ'ল ৬.২ কোটি টকাৰ সুৰা। মহানগৰৰ আবকাৰী বিভাগে প্ৰকাশ কৰিলে এই তথ্য।

4 / 5

এইবাৰ সুৰাৰ পৰা ২.৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ আবকাৰী বিভাগৰ। মহানগৰীৰ ৱাইন শ্বপ-বাৰত ৫০ শতাংশলৈ হ্রাস হৈছে গ্রাহকৰ সংখ্যা।

5 / 5

ইফালে সুৰা বিক্ৰীৰ সমান্তৰালকৈ গুৱাহাটীত হ্রাস পালে দুর্ঘটনাও। ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীত এটাও দুর্ঘটনা সংঘটিত নোহোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ। এই সময়চোৱাত আৰক্ষীৰ লগতে আবকাৰী বিভাগত অধিক সজাগ হোৱাৰ নিৰ্দেশ দিছিল ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!