২০২৪ত গুগলত ভাৰতীয়ই সৰ্বাধিক চাৰ্চ কৰা ছবি কোনখন? তালিকাত আৰু কাৰ কাৰ নাম... | list of most searched movies on Google in 2024, Stree 2, Kalki 2898 AD, 12th Fail,Laapataa Ladies, Hanu-Man Assam news - Assam Tv9

২০২৪ত গুগলত ভাৰতীয়ই সৰ্বাধিক চাৰ্চ কৰা ছবি কোনখন? তালিকাত আৰু কাৰ কাৰ নাম…

Updated On: 

11 Dec 2024 21:01 PM

মাজত মাত্ৰ আৰু কেইটামান ক্ষণ তাৰ পাছতে বিদায় মাগিব ২০২৪ বৰ্ষটোৱে।বছৰৰ অন্তিমটো মাহত কোনোৱে যদি বন্ধু সৈতে আন কোনোবাই পৰিয়ালৰ সৈতে ফুৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ মাজতে অন্তিমটো মাহত সকলোৱে সুৱৰিছে ২০২৪ৰ ভাল-বেয়া স্মৃতিক। পিছে বতৰ্মান ডিজিটেল যুগৰ অপৰিহাৰ্য অংশ গুগল সুৱৰিছে স্মৃতিবোৰ। প্ৰকাশ কৰিছে ২০২৪ৰ গুগল চাৰ্চ তালিকা। ২০২৪ত গুগলত কোনখন ছবি সৰ্বাধিক চাৰ্চ কৰিলে ভাৰতীয়ই? জানো আহক...

1 / 5Stree 2: ২০২৪ৰ গুগল চাৰ্চ তালিকাৰ প্ৰথম স্থানত আছে।  শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত 'স্ত্ৰী 2'। ছবিখনে বিশ্বজুৰি ৮০০ কোটিৰো অধিক সংগ্ৰহ কৰিছিল। ছবিখনে কেৱল হিন্দী ভাষাৰ পৰা ৫৯৮ কোটি টকা উপাৰ্জন কৰিছে।

Stree 2: ২০২৪ৰ গুগল চাৰ্চ তালিকাৰ প্ৰথম স্থানত আছে। শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত 'স্ত্ৰী 2'। ছবিখনে বিশ্বজুৰি ৮০০ কোটিৰো অধিক সংগ্ৰহ কৰিছিল। ছবিখনে কেৱল হিন্দী ভাষাৰ পৰা ৫৯৮ কোটি টকা উপাৰ্জন কৰিছে।

2 / 5

Kalki 2898 AD: দক্ষিণৰ ছবি কল্কি 2898 এডি এই তালিকাৰ দ্বিতীয় নম্বৰত আছে। নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত এই ছবিখনত প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছানে অভিনয় কৰিছে। ছবিখনে হিন্দী ভাষাত ২৯৩ কোটি টকা উপাৰ্জন কৰিছে।

3 / 5

12th Fail: ২০২৪ৰ এখন সৰ্বাধিক চৰ্চিত ছবি আছিল। য'ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অনুউত্তীৰ্ণ হোৱা এজন ছাত্ৰই UPSCত সফল হোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ছবিখন মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বিক্ৰান্ত মেছীয়ে।

4 / 5

Laapataa Ladies: ২০২৪ৰ গুগল চাৰ্চ তালিকাৰ চতুৰ্থ স্থানত নাৰীৰ বিভিন্ন দিশ উন্মোচন কৰা এখন গুৰুত্বপূৰ্ণ ছবি ‘লাপাটা লেডিজ’। ছবিখনত দুগৰাকী ছোৱালীৰ কাহিনী বৰ্ণনা কৰা হৈছে যিয়ে কোনোপ্ৰকাৰে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰে। লাপটা লেডিজ'ত মুখ্য চৰিত্ৰত দেখা গৈছে নিতাংশী গোৱেল, প্ৰতিভা ৰন্তা, স্পৰ্শ শ্ৰীবাস্তৱ, ৰবি কিষণৰ দৰে অভিনেতা।

5 / 5

Hanu-Man: প্ৰসন্ন বৰ্মাৰ দ্বাৰা পৰিচালিত হনু-মান এখন তেলেগু চুপাৰহিৰো ছবি। কাহিনীটো হনুমানথুৰ বিষয়ে, যিয়ে অঞ্জনাদ্ৰীৰ লোকসকলক বচাবলৈ হনুমানৰ ক্ষমতা লাভ কৰে আৰু অৱশেষত এটা ৰহস্যময় ৰত্ন আৱিষ্কাৰ কৰাৰ পিছত মাইকেলৰ সৈতে যুঁজ দিয়ে।

কলম কোনে আৱিষ্কাৰ কৰিছিল জানেনে?
নহৰুৱে শৰীৰৰ কি কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে?
কোনখন নোটত RBIৰ গৱৰ্ণৰৰ স্বাক্ষৰ নাথাকে আৰু কিয়?
বছৰৰ চতুৰ্থটো শতক ! আন এক অভিলেখ ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ