সোমবাৰে নলবাৰীত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰঃ কিয় এই সিদ্ধান্ত, চাওক... | Local holiday declared in Nalbari on Monday for the Nalbari Rass Mahotsav Assam news - Assam Tv9

সোমবাৰে নলবাৰীত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰঃ কিয় এই সিদ্ধান্ত, চাওক…

Published: 

23 Nov 2024 20:16 PM

অহা সোমবাৰে নলবাৰী জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। এক জাননী যোগে নলবাৰী জিলা প্ৰশাসনে অহা ২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰে জিলাখনত স্থানীয় বন্ধ ঘোষণাৰ সিদ্ধান্ত প্ৰকাশ কৰিছে। নলবাৰী জিলা প্ৰশাসনে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে চাওক।

1 / 5শৰতৰ

শৰতৰ শীতল সন্ধিয়া জীপাল কৰি ৰাজ্যৰ আকাশ বতাহ যোৱা কিছুদিন ধৰি আধ্যাত্মিকতাৰ অমিয় সুৰেৰে মুখৰিত হৈ আছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমা বৰ্ণনাৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। নলবাৰী জিলাতো পৰম্পৰা অব্যাহত ৰাখি ব্যাপক আয়োজনেৰে ৰাস মহোৎসৱ আয়োজন কৰা হৈছে।

2 / 5

নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত গত ১৫ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হৈছে। জিলাখনৰ সংস্কৃতিৰ এক অভিন্ন অংগ ৰাস মহোৎসৱ উপলক্ষে নলবাসীৰ মাজত যথেষ্ট উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে। নলবাৰীবাসী স্থানীয় লোকৰ লগতে এই অনন্য সংস্কৃতিৰ অভিজ্ঞতা উপভোগৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অলেখ ভক্তৰ সমাগম হৈছে ৰাস উদযাপন স্থলীত।

3 / 5

মুঠ ১৩ দিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছে নলবাৰীৰ এই বিখ্যাত ৰাস মহোৎসৱ। উল্লেখ্য যে ৯১ সংখ্যক এই ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত এইবাৰ জনপ্ৰিয় ৰামায়ণ ধাৰাবাহিকত ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা প্ৰখ্যাত অভিনেতা অৰুণ গোভিল, দিপীকা চিখলিয়াৰ লগতে আন কেইগৰাকীমান কলা-কুশলীয়ে অংশগ্ৰহণ কৰিছিল।

4 / 5

ৰাস মহোৎসৱ উপলক্ষেই অহা ২৫ নৱেম্বৰ, সোমবাৰে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। এক জাননী যোগে নলবাৰী জিলা প্ৰশাসনে এই বিষয়ে সদৰী কৰিছে। অসম চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয়, সকলো ৰাজহ আদালত আৰু দণ্ডাধীশ আদালত আৰু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই বন্ধ কাৰ্যকৰী হ’ব।

5 / 5

অৱশ্যে ইতিপূৰ্বেই কোনো পৰীক্ষাৰ বাবে সূচী নিৰ্ধাৰণ কৰা শিক্ষানুষ্ঠান আৰু অন্যান্য অত্যাৱশ্যকীয় (জৰুৰীকালীন) সেৱাৰ ক্ষেত্ৰত এই সিদ্ধান্ত বাধ্যতামূলক নহয় বুলিও জাননীখনত লগতে উল্লেখ কৰা হৈছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস