লোকসভা নিৰ্বাচনত ৰণত পৰিল বহু হাইপ্ৰফাইল প্ৰাৰ্থীঃ তালিকাত কোন কোন.. Assam news - Assam Tv9

লোকসভা নিৰ্বাচনত ৰণত পৰিল বহু হাইপ্ৰফাইল প্ৰাৰ্থীঃ তালিকাত কোন কোন..

Published: 

05 Jun 2024 21:31 PM

কালি ঘোষণা কৰা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। ২৯২ খন আসনত জয়েৰে ক্ৰমাগত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপি নেতৃত্বাধীন এন ডি এ জোঁটে। আনহাতে বিৰোধীৰ INDIA মিত্ৰজোঁটে লাভ কৰিলে ২৩৪ খন আসন। লক্ষণীয়ভাৱে নিৰ্বাচনত এইবাৰ ৰণত পৰিছে দুয়োপক্ষৰে কেইবাগৰাকীও নেতা।

1 / 6এইবাৰ নিৰ্বাচনত নিজৰ ৰাজনৈতিক দুৰ্গস্বৰূপ উত্তৰ প্ৰদেশত বৃ্হৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি। দলটোৰ হাই প্ৰফাইল নেত্ৰী স্মৃতি ইৰাণীয়েও ৰাজ্যখনৰ আমেথি সমষ্টিত পৰাজয়ৰ সন্মুখীন হৈছে। কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাৰ হাতত ১৬৭১৯৬টা ভোটৰ ব্যৱধানত পৰাজিত হয় বিজেপিৰ গত দুয়োটা কাৰ্যকালত মন্ত্ৰীত্বত থকা স্মৃতি ইৰাণী।

এইবাৰ নিৰ্বাচনত নিজৰ ৰাজনৈতিক দুৰ্গস্বৰূপ উত্তৰ প্ৰদেশত বৃ্হৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি। দলটোৰ হাই প্ৰফাইল নেত্ৰী স্মৃতি ইৰাণীয়েও ৰাজ্যখনৰ আমেথি সমষ্টিত পৰাজয়ৰ সন্মুখীন হৈছে। কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাৰ হাতত ১৬৭১৯৬টা ভোটৰ ব্যৱধানত পৰাজিত হয় বিজেপিৰ গত দুয়োটা কাৰ্যকালত মন্ত্ৰীত্বত থকা স্মৃতি ইৰাণী।

2 / 6

উত্তৰ প্ৰদেশৰে আন এগৰাকী শক্তিশালী বিজেপি প্ৰাৰ্থী অজয় মিশ্ৰ টেনী খেৰী সমষ্টিত পৰাজিত হয়। কংগ্ৰেছ প্ৰাৰ্থী উৎকৰ্ষ বাৰ্মাই ৩৪৩২৯টা ভোটত পৰাস্ত কৰে মোদী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী টেনীক।

3 / 6

মধ্য প্ৰদেশত এইবাৰ ক্লীন ছুইপেৰে ২৯ খন আসনতে জয়ী হয় বিজেপি। ৰাজ্যখনৰ ৰাজগড় সমষ্টিত জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিং বিজেপি প্ৰাৰ্থী ৰডমল নাগৰৰ বিপক্ষে ১৪৬০৮৯টা ভোটত পৰাস্ত হয়।

4 / 6

পশ্চিম বংগৰ বৰহমপুৰ সমষ্টিত এইবাৰ অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাত দলটোৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী। তৃণমূল প্ৰাৰ্থী তথা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউচুফ পাঠানে ৮৫০২২টা ভোটত পৰাস্ত কৰে অধীৰ ৰঞ্জন চৌধুৰীক। উল্লেখ্য যে গত পাঁচটা নিৰ্বাচনত সমষ্টিটোত জয়ী হৈ আহিছিল অধীৰ ৰঞ্জন চৌধুৰী।

5 / 6

অসমৰ ধুবুৰী সমষ্টিত এইবাৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হয় সমষ্টিটোত ২০০৯ চনৰে পৰা জয়লাভ কৰি অহা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। আজমলক ১০১২৪৭৬টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে।

6 / 6

ছত্তীশগড়ত চমকপ্ৰদ প্ৰদৰ্শনেৰে বিজেপিয়ে ৰাজ্যখনৰ ১১ খন আসনৰ ১০ খন আসনেই দখল কৰে। ৰাজ্যখনৰ ৰাজনন্দগাঁও সমষ্টিত পৰাজয়ৰ সন্মুখীন হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেল বাঘেল। বাঘেলক ৪৪৪১১টা ভোটত পৰাস্ত কৰে বিজেপিৰ সন্তোষ পাণ্ডেই।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?