এইবাৰ ৰাজনৈতিক খেলপথাৰত সাফল্য ইউচুফ পাঠানৰঃ বহৰমপুৰৰ পৰা নিৰ্বাচিত সংসদলৈ Assam news - Assam Tv9

এইবাৰ ৰাজনৈতিক খেলপথাৰত সাফল্য ইউচুফ পাঠানৰঃ বহৰমপুৰৰ পৰা নিৰ্বাচিত সংসদলৈ

Updated On: 

04 Jun 2024 21:35 PM

সফল ক্ৰিকেট কেৰিয়াৰৰ পিছত এইবাৰ ৰাজনৈতিক পথাৰত অভিষেকতো সাফল্য অৰ্জন কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইউচুফ পাঠানে। চলি থকা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত আজি বহৰমপুৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউচুফ পাঠানে ৮৫০২২টা ভোটত জয়লাভ কৰে।

1 / 5ৰাজনৈতিক

ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়েই সাফল্য লাভ কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইউচুফ পাঠানে। বহৰমপুৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউচুফ পাঠানে ৮৫০২২টা ভোটত জয়লাভ কৰে।

2 / 5

ইউচুফ পাঠানে নিৰ্বাচনী যুঁজত পৰাস্ত কৰে কংগ্ৰেছৰ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰীক। পাঠানে ৫২৪৫১৬টা ভোট লাভ কৰাৰ বিপৰীতে অধীৰ চৌধুৰীয়ে লাভ কৰে ৪৩৯৪৯৪টা ভোট। আনহাতে ৩৭১৮৮৫টা ভোটেৰে তৃতীয় স্থানত থাকে বিজেপিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ চাহা।

3 / 5

লক্ষণীয়ভাৱে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত হৈ আহিছিল বৰহমপুৰ সমষ্টি। গত পাঁচটা নিৰ্বাচনত সমষ্টিটোত জয়ী হৈ আহিছিল অধীৰ ৰঞ্জন চৌধুৰী। কিন্তু ইউচুফ পাঠানে আজি চৌধুৰীৰ এই ধাৰা ভংগ কৰি সংসদলৈ নিৰ্বাচিত হয়।

4 / 5

উল্লেখ্য যে, ২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেট দলৰ সদস্য আছিল পাঠান। বিশ্বকাপৰ ফাইনেলত পাকিস্তানৰ বিপক্ষে হোৱা ফাইনেলত গৌতম গম্ভীৰৰ সৈতে দলৰ ইনিংছো মুকলি কৰিছিল ইউচুফ পাঠানে।

5 / 5

ক্ৰিকেট বিশ্বত নিজৰ বিস্ফোৰক বেটিঙৰ বাবে বিখ্যাত পাঠান এগৰাকী পাৰ্ট টাইম স্পিনাৰ হিচাপেও সফল আছিল। এই অলৰাউণ্ড ভূমিকাৰ বাবেই ২০১১ চনৰ বিশ্বকাপত ভাৰতীয় দলত স্থান লাভ কৰিছিল পাঠানে। এই বিশ্বকাপত ২৮ বছৰৰ মূৰত বিশ্বকাপ খিতাপ দখল কৰিছিল ভাৰতে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?