'দেশৰ গণতন্ত্ৰৰ বাবে এক অন্যতম শুভ লক্ষণ'- ভোটাধিকাৰ সাব্যস্ত কৰিলে পীযূষ-আইমীয়ে Assam news - Assam Tv9

‘দেশৰ গণতন্ত্ৰৰ বাবে এক অন্যতম শুভ লক্ষণ’- ভোটাধিকাৰ সাব্যস্ত কৰিলে পীযূষ-আইমীয়ে

Published: 

26 Apr 2024 18:12 PM

আজি ৭৭,০৯,২৭৬গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬১জন প্ৰাৰ্থীৰ। ৯,১৩৩টা ভোটকেন্দ্ৰৰ EVMত বন্দী হ’ব প্ৰাৰ্থীৰ ভাগ্য। প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে। এইফালে ভোটাধিকাৰ সাব্যস্ত কৰি সামাজিক মাধ্যমত আইমী আৰু স্বামী পীযূষে শ্বেয়াৰ কৰিলে ফটো।

1 / 5আজি

আজি ৰাজ্যৰ ৫ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। ৯,১৩৩টা ভোটকেন্দ্ৰৰ EVMত বন্দী হ’ব প্ৰাৰ্থীৰ ভাগ্য।

2 / 5

নিৰ্বাচনত পৰিয়ালৰ সৈতে ভোট দিবলৈ আহিল আইমী বৰুৱাই।

3 / 5

ভোটাধিকাৰ সাব্যস্ত কৰি সামাজিক মাধ্যমত আইমী আৰু স্বামী পীযূষে শ্বেয়াৰ কৰিলে ফটো।

4 / 5

সামাজিক মাধ্যমত আইমীয়ে লিখিছে- সুস্থ গণতন্ত্ৰ ৰক্ষাৰ্থে আৰু দেশৰ প্ৰগতিমুখী অম্লান যাত্ৰা অব্যাহত থকাৰ স্বাৰ্থত দুয়োগৰাকী মা আৰু স্বামী পীযুষ হাজৰীকাৰ Pijush Hazarika সৈতে গৌৰৱেৰে গণতান্ত্ৰিক কৰ্তব্য পালন কৰিলোঁ। ভোটদানৰ সময়খিনিত এইবেলি বিশেষ ভাৱে আমাৰ মহিলা সকলৰ উচাহ ভৰা অংশগ্ৰহণ প্ৰত্যক্ষ কৰি অভিভূত হ'লোঁ। এইয়া নিশ্চিত ভাৱে দেশৰ গণতন্ত্ৰৰ বাবে এক অন্যতম শুভ লক্ষণ। সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰি বিকশিত-সুৰক্ষিত ভাৰত, অসমৰ জয়যাত্ৰাত সহযাত্ৰী হ'বলৈ আহ্বান জনালোঁ।

5 / 5

এইবাৰ নিৰ্বাচনী প্ৰচাৰটো অংশ লৈছিল অভিনেত্ৰী আইমী বৰুৱাই আৰু পূৰ্বেও ভোট দিবলৈ ৰাইজক জনাইছিল আহ্বান।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?