19 Jan 2025 20:07 PM
ছুইজাৰলেণ্ডৰ গ’থাৰ্ড সুৰংগ হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য ৫৭.১ কিলোমিটাৰ।
বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে জাপানৰ ছেইকান সুৰংগ। ইয়াৰ দৈৰ্ঘ্য ৫৩.৯ কিলোমিটাৰ। এই সুৰংগটোৱে চুগাৰু জলদ্বীপ অঞ্চলক হনছু আৰু হোকাইডোৰ সৈতে সংযোগ কৰে।
এই তালিকাৰ তৃতীয় স্থানত আছে ব্ৰিটেইন আৰু মূল ইউৰোপক সংযোগ কৰা এটা ৰে’লৱে সুৰংগ। এই পথটো বিশ্বৰ অন্যতম পৰম্পৰাগত পথ। এই সুৰংগটোৰ দৈৰ্ঘ্য ৫০.৫ কিলোমিটাৰ।
দক্ষিণ কোৰিয়াত আছে বিশ্বৰ চতুৰ্থ দীঘলীয়া ৰে’লৱে সুৰংগ। এই সুৰংগটোৰ নাম ইউলিয়ন সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য ৫০.৩ কিলোমিটাৰ।
ভাৰতৰ দৰে চীনতো ৰে’লৱে যাতায়তৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। বিশ্বৰ ভিতৰতে দীৰ্ঘতম সুৰংগৰ তালিকাত পঞ্চম স্থানত আছে চীনৰ ছংছান লেক সুৰংগ। ইয়াৰ দৈৰ্ঘ্য ৩৮.৮ কিলোমিটাৰ।