২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত কম হ'ব ৰন্ধন গেছৰ মূল্য! মুখ্যমন্ত্ৰীয়ে ক'লে... | lpg cylinder prices may fall says Himanta biswa sarma in assam Assam news - Assam Tv9

২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত কম হ’ব ৰন্ধন গেছৰ মূল্য! মুখ্যমন্ত্ৰীয়ে ক’লে…

Published: 

22 Apr 2025 08:41 AM

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। এই প্ৰচাৰ অভিযানৰ সময়ত শৰ্মাই ৰন্ধন গেছৰ দাম হ্ৰাস সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

1 / 5বৰ্তমান ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয়- বিৰোধী প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সোমবাৰে ধেমাজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয়- বিৰোধী প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সোমবাৰে ধেমাজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

2 / 5

প্ৰচাৰৰ সময়ত শৰ্মাই কয় যে, ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ চিন্তা কৰি থকা হৈছে। উজ্বলা গেছৰ বৰ্তমান দাম ৫৫০ আনহাতে সাধাৰণ গেছৰ দাম ৯৫০। গতিকে এই গেছৰ দাম ২০০ বা ৩০০ টকাকৈ হ্ৰাস কৰি দিম। ইয়াৰ পৰা ৰাইজে যথেষ্ঠ সকাহ পাব। অৱশ্যে কেতিয়া দাম হ্ৰাস পাই সেই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই শৰ্মাই।

3 / 5

ইয়াৰোপৰি শৰ্মাই ব্ৰহ্মপুত্ৰৰ তলত হ'বলগীয়া সুৰংগ সন্দৰ্ভত কয় যে, আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছিল। এতিয়া তলেৰে সুৰংগ পথ নিৰ্মাণ হ'ব। দুই- এদিনৰ ভিতৰতে এই সুৰংগ পথৰ নিৰ্মাণ কাম আৰম্ভ হ'ব। গতিকে অসমৰ সকলো মানুহ ব্ৰহ্মপুত্ৰৰ তলেৰে যাব পাৰিব। আমেৰিকা-চীনৰ দৰে হ'ব অসম।

4 / 5

প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি শৰ্মাই কংগ্ৰেছৰ কটাক্ষ কৰি কয় যে, লুঙীৰ ভোট বাংলাদেশত, অৰুণোদয়ৰ ভোট অসমত। কংগ্ৰেছে এতিয়া হাতৰ পৰিবৰ্তে লুঙীৰ ছবিত নিৰ্বাচন খেলিব লাগে। কিয়নো কংগ্ৰেছে লুঙী,ধূতি, আঠুৱাৰ বাহিৰে একো চিনি নাপায়।

5 / 5

উল্লেখ্য যে, ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল-সংগঠন। বিজেপি মিত্ৰজোঁটে ইতিমধ্যে কেইটা পঞ্চায়ত আৰু জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন ৰাজ্যৰ দলসমূহৰ বাবে গুৰুত্বপূৰ্ণ।

কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক
পেটৰ ভিতৰত ঘাঁ হ'লে এইসমূহ লক্ষণে দেখা দিয়ে, জানক সকলো...
চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...