শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Maha Kumbh Mela 2025 : পুৰুষতকৈ মহিলা নাগা সন্ন্যাসী পৃথক, এগৰাকী মহিলা কেনেকৈ নাগা সন্ন্যাসী হ’ব পাৰে ?

পুৰুষ হওক বা মহিলা হওক নাগা সাধু হোৱাটো সহজ নহয়। এগৰাকী নাৰী নাগা সাধু হোৱাৰ বাবে বহু কথাই তেওঁক পুৰুষৰ পৰা পৃথক কৰে। নাগা সাধু হ’ব বিচৰা মহিলাগৰাকীয়ে প্ৰথমে ৬-১২ বছৰলৈকে ব্ৰহ্মচাৰী জীৱন পালন কৰিব লাগিব।

manas-borah
Manas Borah | Published: 15 Jan 2025 08:16 AM
পুৰুষ নাগা সন্ন্যাসীসকলৰ বিষয়ে বহুতে বহু কথা জানে যদিও মহিলা নাগা সন্ন্যাসীৰ জীৱনৰ বিষয়ে বহুতে নাজানে। মহাকুম্ভ, কুম্ভ, পূৰ্ণকুম্ভৰ সময়ত মহিলা নাগা সন্ন্যাসীসকলক দেখা যায়। কোৱো হয় যে, নাগা সাধু হোৱাটো পুৰুষতকৈ মহিলাৰ বাবে অধিক প্ৰত্যাহ্বানজনক। কাৰণ, তেওঁলোকে কেৱল শাৰীৰিকভাৱে নহয় মানসিকভাৱেও বহু কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হয়।

1 / 5
পুৰুষ হওক বা মহিলা হওক নাগা সাধু হোৱাটো সহজ নহয়। এগৰাকী নাৰী নাগা সাধু হোৱাৰ বাবে বহু কথাই তেওঁক পুৰুষৰ পৰা পৃথক কৰে। নাগা সাধু হ’ব বিচৰা মহিলাগৰাকীয়ে প্ৰথমে ৬-১২ বছৰলৈকে ব্ৰহ্মচাৰী জীৱন পালন কৰিব লাগিব। যদি ইয়াক জয় কৰিব পাৰে তেন্তে সেই মহিলাগৰাকী নাগা সাধু হ’ব পাৰে।(Photo-Getty Image)

2 / 5
মহিলা নাগা সন্ন্যাসীসকলে পুৰুষৰ দৰে নিজৰ জীৱন সম্পূৰ্ণৰূপে ভগৱানৰ ওচৰত উৎসৰ্গা কৰিব লগা হয়। নাগা সন্ন্যাসী হ’ব বিচৰা মহিলাগৰাকীয়ে গুৰুৰ আগত প্ৰমাণ কৰিব লাগিব যে তেওঁ নাগা সন্ন্যাসী হ’বলৈ যোগ্য। (Photo-Getty Image)

3 / 5
মহিলা নাগা সাধু হ’বলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে পৰ্যায় ক্ৰমে ধৈৰ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয়। নাগা সাধু হ’ব বিচৰা নাৰীয়ে জীৱিত অৱস্থাতে পিণ্ডদান কৰিব লাগে। এই কাম কুম্ভ বা মহা কুম্ভৰ সময়ত গোপনে কৰা হয় বুলি ধৰ্মীয় বিশ্বাস আছে।(Photo-Getty Image)

4 / 5
পুৰুষ নাগা সাধুৰ চুলি দীঘল। মহিলাৰ ক্ষেত্ৰত পিণ্ডদানৰ পিছত চুলি কাটিব লাগে। পুৰুষ নাগা সন্ন্যাসীয়ে উলংগ হৈ ঘূৰি ফুৰে। মহিলা নাগা সন্ন্যাসীয়ে তেনেকুৱা কৰিব নোৱাৰে। কাপোৰ পিন্ধে। কিন্তু কোনো চিলাই কৰা কাপোৰ পিন্ধা দেখা নাযায়। (Photo-Getty Image)

5 / 5
Latest Stories